মানুহক অমৰ কৰা প্ৰযুক্তি উদ্ভাৱন কৰিলে চীনে! পুটিনৰ সৈতে কৰিলে আলোচনা...

যোৱা ৩ছেপ্টেম্বৰত চীনত আয়োজন কৰা বিজয় পেৰেডত অংশ লৈছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ লগতে অইন কেইবাখনো দেশৰ মুৰব্বীয়ে। এই অনুষ্ঠানত কেৱল যে অস্ত্ৰ-শস্ত্ৰৰ কথাকে

author-image
Asomiya Pratidin
New Update
xing '

ডিজিটেল ডেস্কঃ যোৱা ৩ছেপ্টেম্বৰত চীনত আয়োজন কৰা বিজয় পেৰেডত অংশ লৈছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ লগতে অইন কেইবাখনো দেশৰ মুৰব্বীয়ে। এই অনুষ্ঠানত কেৱল যে অস্ত্ৰ-শস্ত্ৰৰ কথাকে আলোচনা হৈছিল এনে নহয়। পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জিংপিঙৰ মাজত চিকিতসা বিজ্ঞানক লৈও বিশদ ভাৱে আলোচনা কৰা হয়। 

চীনৰ এক সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৩ছেপ্টেম্বৰৰ দিনটোত পুটিন আৰু জিংপিঙে অত্যাধুনিক অৰ্গেন টেন্সপ্লান্ট প্ৰযুক্তিৰ জৰিয়তে এগৰাকী লোকক ১৫০বছৰ ধৰি জীয়াই ৰখা কৌশলৰ সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ বাবে চীনে এক নতুন প্ৰযুক্তি উদ্ভাৱনৰ কথাও সদৰি কৰে পুটিনক।

এই আলোচনাত উত্তৰ কোৰিয়াৰ শাসম কিম জং উনো উপস্থিত আছিল। উল্লেখ কৰা প্ৰয়োজন যে, চীনে নতুনকৈ উদ্ভাৱন কৰা অত্যাধুনিক অৰ্গেন টেন্সপ্লান্ট প্ৰযুক্তিৰ জৰিয়তে এগৰাকী লোকক পুনৰ ডেকা অৱস্থালৈ ৰূপান্ত কৰিব পাৰে বুলি দাবী কৰা হৈছে। এই প্ৰক্ৰিয়া সমাপন কৰা এগৰাকী লোক ১৫০বছৰলৈকে বিনাদ্বিধাই জীয়াই থাকিব পাৰে বুলিও সদৰি কৰে তেওঁ।

এই বিজয় পেৰেডৰ পাছত চীন আৰু ৰাছিয়াৰ মাজত ২০ৰো অধিক চুক্তি সমাপন হয়। ইয়াৰ ভিতৰত আছে চীনৰ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় কেইবাখনো চুক্তি। এই চুক্তি স্বাক্ষৰ সময়তে আলোচনা হৈছিল চীনে উদ্ভাৱন কৰা চিকিতসা বিজ্ঞান সম্পৰ্কীয় এই নতুন প্ৰযুক্তিক লৈ। 

ভ্লাদিমিৰ পুটিন চীন