/asomiyapratidin/media/media_files/2025/09/04/piid-2025-09-04-12-08-17.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব অৰ্থনীতিত ভাৰত হৈছে এতিয়া ছুপাৰ পাৱাৰ। চীনত এই কথা সদম্ভে ঘোষণা কৰিলে পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বুধবাৰে কয় যে, প্ৰকৃততে বহু মেৰু ব্যৱস্থাৰ অৰ্থ হ’ল কোনো এখন দেশেই আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নোৱাৰে আৰু সকলো অংশগ্ৰহণকাৰীয়ে “সমান অধিকাৰ” লাভ কৰে।
চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ বাবে বেইজিং ভ্ৰমণৰ সামৰণি মাৰি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পুটিনে আঙুলিয়াই দিয়ে যে ভাৰত আৰু চীনৰ দৰে শক্তিশালী সদস্যৰ সৈতে হোৱা মঞ্চতো নিয়ন্ত্ৰণ বিচৰাৰ কথা নহয়।
তেওঁ কয়, ‘বহুমেৰু বিশ্বৰ কোনো আধিপত্য নাই, সকলোৰে সম অধিকাৰ আছে।ভাৰত আৰু চীনৰ দৰে অৰ্থনৈতিক দৈত্যক সদস্য হিচাপে থকাৰ পিছতো ব্ৰিকছৰ দৰে গ্ৰুপিঙে ৰাজনীতি বা বিশ্ব নিৰাপত্তাৰ আধিপত্যৰ ধাৰণাটোৰ কথা কোৱা নাই।’
চীনৰ নেতৃত্বৰ সৈতে হোৱা “আনুষ্ঠানিক আৰু অনানুষ্ঠানিক” বৈঠকক উৎপাদনশীল বুলি পুটিনে অভিহিত কৰে। তেওঁ পৰ্যবেক্ষণ কৰে যে, “ইউৰোপীয় ইউনিয়ন (ইউৰোপীয় সংঘ)ৰ আগশাৰীৰ অৰ্থনীতিসমূহ মন্দাৱস্থাত পৰিছে যদিও বিশ্বব্যাপী অৰ্থনীতিসমূহ আগবাঢ়িছে, বিশেষকৈ এছিয়া-পেচিফিকত।”
যি সময়ত ৱাশ্বিংটন আৰু নতুন দিল্লী শুল্কৰ তিক্ত বিবাদত আবদ্ধ হৈ আছে, সেই সময়ত তেওঁৰ এই মন্তব্যই ওজন কঢ়িয়াই আনিছে। ভাৰতৰ ৰাছিয়াৰ খাৰুৱা তেল আমদানি অব্যাহত ৰখাৰ বাবে ভাৰতৰ ৰপ্তানিৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰি আমেৰিকাই ইয়াক “শাস্তি” বুলি অভিহিত কৰিছে।