ভাৰতৰ উত্থান দেখি এদিন আমেৰিকাই নিজেই চুক্তি কৰিবলৈ দৌৰি আহিব...

ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি যি গতিত হৈছে, সেই গতিত চীনে কোনো পধ্যেই বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব নোৱাৰে।  ভাৰত শীৰ্ষ উদীয়মান বজাৰ হৈয়ে আছে আৰু চীনে ভাৰতৰ বৃদ্ধিক পৰাস্ত কৰিব নোৱাৰে বুলি বিনিয়োগকাৰী মাৰ্ক

author-image
Asomiya Pratidin
New Update
ujjjjj

ডিজিটেল ডেস্কঃ ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি যি গতিত হৈছে, সেই গতিত চীনে কোনো পধ্যেই বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব নোৱাৰে।  ভাৰত শীৰ্ষ উদীয়মান বজাৰ হৈয়ে আছে আৰু চীনে ভাৰতৰ বৃদ্ধিক পৰাস্ত কৰিব নোৱাৰে বুলি বিনিয়োগকাৰী মাৰ্ক মবিয়াছে ফাইনেন্সিয়েল টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰে।

ভাৰতীয় ৰপ্তানিৰ ওপৰত আমেৰিকাৰ শুল্ক আৰু হ্ৰস্বম্যাদী অস্থিৰতাৰ মাজতো মবিয়াছে ভাৰতৰ ঘৰুৱা চাহিদা, চৰকাৰী সংস্কাৰ, আৰু উদ্যোগীকৰণৰ স্থিতিস্থাপকতাই ভাৰতক অন্যান্য উদীয়মান বজাৰৰ তুলনাত আগুৱাই ৰাখিব বুলি গুৰুত্ব আৰোপ কৰে।

দ্য ইকনমিক টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মবিয়াছে কয় যে ঔষধ, ৰত্ন, পোছাকৰ দৰে খণ্ডই ৰপ্তানিৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৫০ শতাংশ শুল্ক অনুভৱ কৰিব পাৰে যদিও ভাৰতীয় ব্যৱসায়ীসকলে আফ্ৰিকাৰ দৰে অন্যান্য বজাৰলৈ উৎপাদনক স্থানান্তৰিত কৰি নিজকে খাপ খুৱাব পৰাকৈ সবল। তেওঁ কয়, ‘ভাৰতীয় উদ্যোগীসকল অতি সৃষ্টিশীল।মই ভাবো তেওঁলোকে এনে কিছুমান সমস্যাৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ব।’

ভাৰতৰ ঘৰুৱা বজাৰখন বিশাল আৰু এতিয়াও দ্ৰুতগতিত সম্প্ৰসাৰণ হৈ আছে। বৃদ্ধিৰ অনুমান ৬ শতাংশৰ পৰা ৫.৫ শতাংশলৈ হ্ৰাস পালেও ই কোনো ডাঙৰ বিষয় নহয় বুলি কয় মবিয়াছে।  ৰপ্তানিকাৰকসকলৰ বাবে ইতিবাচক দিশ বুলিও তেওঁ উজ্জ্বল কৰি কয় যে চৰকাৰী সমৰ্থনৰ ব্যৱস্থাই এই আঘাতক লাঘৱ কৰিব। মবিয়াছে জোৰ দি কয়, ‘ভাৰতীয় বজাৰখন সুস্থ দেখা গৈছে।অৰ্থনীতি এতিয়াও বহুত ভাল হৈছে।অৱশেষত ভাৰত আৰু আমেৰিকাই চুক্তিত উপনীত হ’ব কাৰণ এই পৰিস্থিতি বেছি দিন টিকি থাকিব নোৱাৰে।

আমেৰিকা