পুনৰ হ’ব যুদ্ধ! ইৰাণৰ ঢাল চীন-আমেৰিকা...

ইজৰাইল-আমেৰিকাৰ সৈতে ইৰাণে কৰা যুদ্ধ শেষ হোৱাৰ ইংগিত পোৱা হৈছে যদিও, এই যুদ্ধবিৰতি উলংঘন কৰি পুনৰ ইৰাণে ইজৰাইল-আমেৰিকাৰ ওপৰত আক্ৰমণ কৰাৰ এক সংকেট দেখিবলৈ পোৱা গৈছে।

author-image
Asomiya Pratidin
New Update
WARRRRR

ডিজিটেল ডেস্কঃ ইজৰাইল-আমেৰিকাৰ সৈতে ইৰাণে কৰা যুদ্ধ শেষ হোৱাৰ ইংগিত পোৱা হৈছে যদিও, এই যুদ্ধবিৰতি উলংঘন কৰি পুনৰ ইৰাণে ইজৰাইল-আমেৰিকাৰ ওপৰত আক্ৰমণ কৰাৰ এক সংকেট দেখিবলৈ পোৱা গৈছে। কিয়নো ইৰাণৰ ঢাল হৈ থিয় দিছে চীন আৰু ৰাছিয়াই। 

আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পৰা ইৰাণক ৰক্ষা কৰিবলৈ চীন আৰু ৰাছিয়া আগবাঢ়ি আহিব বুলি সন্দেহ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইৰাণক সুৰক্ষা দিবলৈ ঢাল হৈ আগুৱাই আহিছে চীন। চীনে ধাৰাবাহিকভাৱে ইৰাণক সকলো সা-সামগ্ৰী যোগান ধৰাৰ সন্দেহ কৰা হৈছে।

কিয়নো আমেৰিকাই ইৰাণত কৰা আক্ৰমণৰ পোনপটীয়া বিৰোধিতা কৰিছে চীনে। তদুপৰি ইৰাণক অস্ত্ৰ আৰু মিছাইল চীনে যোগান ধৰাৰ কৰা হৈছে সন্দেহ।  উল্লেখ্য যে, ইৰাণ আৰু চীনৰ মাজত আছে শক্তিশালী বাণিজ্যিক সম্পৰ্ক। ইৰাণে ড্ৰেগ’নৰ দেশ চীনক প্ৰতিদিনে যোগান ধৰে প্ৰায় ১৩-১৪ লাখ বেৰেল খাৰুৱা তেল।

এই যুদ্ধখনৰ বাবে ষ্ট্ৰেইট অৱ হৰমুজত আৱদ্ধ হৈ পৰিছিল শ শ খাৰুৱা তেল আৰু গেছভৰ্তি জাহাজ। এনে হোৱাৰ ফলত চীনে অৰ্থনৈতিক তথা বাণিজ্যিক দিশত প্ৰতিদিনাই বৃহৎ পৰিমানৰ লোকচানৰ সমুখীন হৈ আহিছিল। 

ইফালে, ইৰাণৰ পক্ষত ৰাছিয়াইয়ো আগবঢ়াইছে সহায়ৰ হাত। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এফালে যদি চীনে অস্ত্ৰ-মিছাইল যোগান ধৰিছে, আনফালে আকৌ ইৰাণক সহায় হোৱাকৈ ৰাছিয়াই আগবঢ়াইছে চোৰাংচোৱা তথ্য। 

সন্দেহ কৰা হৈছে যে আমেৰিকাৰ যুদ্ধ জাহাজ আৰু বিমানৰ অৱস্থিতি ইৰাণক জনাই আহিছে আৰু আগন্তুক সময়তো জনাব ৰাছিয়াই। আমেৰিকাৰ যুঁজাৰু বিমান, জাহাজৰ অৱস্থিতি জনোৱাৰ পাছতেই সঠিক সময়ত আক্ৰমণ কৰিব পাৰিব ইৰাণে। তেতিয়া আমেৰিকাৰ সামৰিক শক্তি, স্থান, দূতাবাস, সম্পত্তিত কৰিব পাৰিব আক্ৰমণ।

তদুপৰি ৰাছিয়াৰ উন্নত ছেটেলাইট ব্যৱস্থাই লক্ষ্য নিৰ্ধাৰণত কৰিব সহায়। ছেটেলাইট সহায়ৰ জৰিয়তে বহু তথ্য লাভ কৰিব ইৰাণে। ইতিমধ্যে ৰাছিয়াৰ চোৰাংচোৱা তথ্যৰ ভিত্তিত ইৰাণে চলাইছিল আক্ৰমণ। আক্ৰমণত নিহত হৈছিল ৬ আমেৰিকাৰ সেনা। 

ইৰাণ