বাক্সাৰ জালাহত ব্যতিক্ৰমী প্ৰচেষ্টাৰে শিশু দিৱস পালন

বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ জালাহতো‌ পালন কৰা হৈছে শিশু দিৱস । জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এইবেলি ব্যতিক্ৰমী ধৰণে শিশু দিৱস পালন কৰা হৈছে ।

author-image
Asomiya Pratidin
New Update
218

ডিজিটেল সংবাদ, বাক্সা : বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ জালাহতো‌ পালন কৰা হৈছে শিশু দিৱস । জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এইবেলি ব্যতিক্ৰমী ধৰণে শিশু দিৱস পালন কৰা হৈছে ।

একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা সদনৰ অধ্যক্ষ, মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীকে ধৰি বিভিন্ন দপ্তৰৰ মন্ত্ৰী সৃষ্টি কৰি সভা অনুষ্ঠিত কৰা হৈছে । ৰূপায়িত হৈছে ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে সাংস্কৃতিক অনুষ্ঠানো ।

লগতে অনন্ত ডিফেঞ্চ ফ'ৰ্চ নামেৰে এটা ফ'ৰ্চ গঠন কৰি ব্যৱস্থাপনাৰ সকলো কাম নিয়াৰিকৈ চলোৱা পৰিলক্ষিত হৈছে । মন্ত্ৰীয়ে ভাষণত আগন্তুক দিনত শিক্ষানুষ্ঠানত গ্ৰহণ কৰিবলৈ ওলোৱা উন্নয়নমূলক কামৰ বিষয়েও দাঙি ধৰে ।

ব্যতিক্ৰমী প্ৰচেষ্টাৰ সকলোখিনি ব্যক্ত কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ডঃ ভৱেশ শৰ্মাই । লগতে সদনৰ অধ্যক্ষ হিচাপে সভা সঞ্চালনা কৰা নৱম শ্ৰেণীৰ ছাত্ৰী জিংকিমণি মজুমদাৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে অনুষ্ঠানৰ সবিশেষ ।

শিশু দিৱস