/asomiyapratidin/media/media_files/2025/11/14/nagaon-debashish-2025-11-14-17-01-25.jpg)
ডিজিটেল সংবাদ, নগাঁও : আজি ১৪ নৱেম্বৰ। জৱাহৰলাল নেহৰুৰ ১৩৬ সংখ্যক জন্মদিন তথা শিশু দিৱস। ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আয়োজনত আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা পুথিভঁৰালত শিশু দিৱসটি উৎযাপন কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়ৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/14/whatsapp-2025-11-14-17-02-40.jpeg)
বিদ্যালয়ৰ শিক্ষক দীপংকৰ শৰ্মা আৰু মনোজ শৰ্মাই অসমৰ সংগীত জগতৰ উজ্জ্বল দুই নক্ষত্ৰ ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰাৰ লগে লগে বিদ্যালয়ৰ ছাত্ৰীয়ে পৰিবেশন কৰা শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। বিদ্যালয়ৰ শিশু দিৱস অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু শিশু সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক ড° মৃনাল কলিতা উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/14/whatsapp-i-2025-11-14-17-01-47.jpeg)
শিশু দিৱসৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা ড ° মৃনাল কলিতাই বাধাহীন জীৱন উন্নতিৰ অন্তৰায় বক্তব্যৰে ছাত্ৰ-ছাত্ৰীসকলক হাৰি হাৰি জিকাৰ আনন্দ উপলব্ধি কৰিবলৈ আহ্বান জনায়। মঞ্চত সফল ব্যক্তিক দেখি ভাল লাগে কিন্তু সেই ব্যক্তিজনৰ সফলতাৰ কাহিনী অধ্যয়ন কৰিলেহে সংগ্ৰামৰ প্ৰেৰণা পোৱা যায় বুলি মন্তব্য কৰে।
তেখেতে ছাত্ৰ-ছাত্ৰীসকলক মহৎলোকৰ জীৱনী অধ্যয়ন কৰি জীৱন পথত অগ্ৰসৰ হোৱাৰ গোপনীয়তা জনাই তেখেতে জীৱনটোক গণিতৰ লগত তুলনা কৰি কয় আটাইতকৈ বেছি সহায় কৰা আটাইতকৈ বেছি সহায় লোৱা গণিত শিক্ষাৰ ভুল পথ। Lateral thinking ধাৰণা আগবঢ়াই ড° কলিতাই শিক্ষাৰ্থীসকলক অসাধ্য সাধনত প্ৰেৰণা যোগায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/14/whatsapp-im-2025-11-14-17-02-01.jpeg)
একেদৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই অনুষ্ঠানতে সংগীতা বৰুৱা বৰাৰ কথা, চিত্ৰলেখা বৰুৱা আৰু সংগীতা বৰুৱা বৰাৰ সুৰ তথা চিত্ৰলেখা বৰুৱা, সংগীতা বৰুৱা বৰা , ৰূপম শইকীয়া আৰু ঋষভ পঞ্চমৰ কণ্ঠ সম্বলিত শিক্ষাৰ্থী শীৰ্ষক গীত এটিৰো উন্মোচন কৰে । গীতটি উন্মোচন কৰি আয়ুক্তগৰাকীয়ে জীৱনত ক খ আৰু গ তিনিটা উদ্দেশ্য আগত ৰাখি ছাত্ৰ -ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/14/whatsapp-image-2-2025-11-14-17-02-20.jpeg)
অসমীয়া সংগীত জগতৰ লগত জড়িত দুলুমণি শইকীয়া, ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মনোজ কুমাৰ শৰ্মা আৰু মমী দেৱী শৰ্মাই শিক্ষাৰ্থীক উদ্দেশ্যি বক্তৃতা প্ৰদান কৰে । নগাঁৱৰ প্ৰখ্যাত বাঁহীবাদক শিল্পী প্ৰাঞ্জল বৰাই ছাত্ৰ-ছাত্ৰী উদ্দেশ্যী দিয়া বক্তৃতাৰ পিছতেই বিদ্যালয়ত এশ শতাংশ উপস্থিত থকা ছাত্ৰ -ছাত্ৰী আৰু সাংস্কৃতিক প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰি বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us