নগাঁৱৰ খ্ৰীষ্ট জ্যোতি স্কুলত শিশু দিৱস

শিশু দিৱস উপলক্ষে শুকুৰবাৰে জুবিনময় হৈ পৰে নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ বাকৰি। শিক্ষা প্ৰতিষ্ঠানখনিত আজি উলহ মালহেৰে শিশু দিৱস উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
sishu divash

ডিজিটেল সংবাদ, বটদ্ৰৱা : শিশু দিৱস উপলক্ষে শুকুৰবাৰে জুবিনময় হৈ পৰে নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ বাকৰি। শিক্ষা প্ৰতিষ্ঠানখনিত আজি
উলহ মালহেৰে শিশু দিৱস উদযাপন কৰা হয়।

য'ত গীতে মাতে জীপাল হৈ পৰে স্কুল চৌহদ। নগাঁও খ্ৰীষ্ট জ্যোতি বিদ্যালয়ে আজি অভিনৱ পদক্ষেপৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বিদ্যালয়খনত "শিশু দিৱস" সম্পূৰ্ণ নতুন আৰু সৃষ্টিশীল ৰূপত উদ্‌যাপন কৰা হয়।

সাংস্কৃতিক মহোৎসৱ আৰু ক্ৰীড়া কাৰ্যসূচীৰ লগতে, এইবাৰৰ বিশেষ আকৰ্ষণ  ছাত্ৰ-ছাত্ৰীৰে পৰিচালিত বিপণীসমূহ, য’ত বিদ্যালয়ৰ উদ্যমী শিক্ষাৰ্থীসকলে পিজ্জা ৰন্ধনৰ পৰা গেম পাৰ্লাৰ চলোৱালৈকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনাৰ কলা শিকে। এই পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ উদ্যোগশীলতাৰ প্ৰাথমিক জ্ঞান, আৰু সৃষ্টিশীল চিন্তাধাৰা পৰিস্ফুট হয়। বিদ্যালয়ৰ এই দূৰদৰ্শী পৰিকল্পনাই সৃষ্টি-শক্তি, আত্মবিশ্বাস আৰু নেতৃত্বগুণক উদ্দীপ্ত কৰি শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব বুলি বিদ্যালয় কৰ্তৃপক্ষ যথেষ্ট আশাবাদী। পাঠশালাৰ পটভূমিত নিৰ্মিত এই শিক্ষানুষ্ঠানখনে ক্ৰমশঃ বস্তুগত শিক্ষাৰ পৰা জীৱনমুখী শিক্ষালৈ যাত্ৰা আৰম্ভ কৰিছে।

বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষকবৃন্দ আৰু শিশু দিৱস সমিতিৰ সক্ৰিয় অংশগ্ৰহণ আৰু পৰিচালনাত এক  আনন্দ, উদ্যম আৰু ভৱিষ্যৎমুখী শিক্ষাৰ এক ৰঙীন অধ্যায়, যিয়ে বিদ্যালয়ৰ ইতিহাসত সোঁৱৰণীয় “ৰেড লেটাৰ ডে” হিচাপে নিজৰ স্থান দখল কৰিব।

শিশু দিৱস