ডিজিটেল ডেস্কঃ আগন্তুক ২৫, ২৮ আৰু ২৯ ডিচেম্বৰৰ পৰা ৩৪ তম "Children Adventure Orientation Camp" 2023 ৰ আয়োজন কৰে অসম পৰ্বতাৰোহী সন্থাই । ৫ ৰ পৰা ১৪ বছৰ বয়সৰ ল'ৰা-ছোৱালীৰ মাজত অনুশাসন, নেতৃত্বৰ গুণ, দলীয় মনোভাৱ, দুঃসাহসিক কৰ্মৰ প্ৰতি আকৰ্ষণ, প্ৰকৃতিৰ প্ৰতি প্ৰেম জগাই তোলাৰ লগতে তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলা উদ্দেশ্যে এই পদক্ষেপ হাতত লৈছে সন্থাটোৱে।
এইবেলি সমগ্ৰ অসমৰ পৰা ৮০ তকৈ অধিক ল'ৰা-ছোৱালীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি উদ্যোক্তাই জনায়। সেয়ে ২৫ ডিচেম্বৰৰ পুৱা ৮:৩০ বজাত গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানৰ শোভাযাত্ৰাত ৰাইজক অংশ ল'বলৈ আহ্বান জনাই অসম পৰ্বতাৰোহী সন্থাই।
লগতে যুৱ প্ৰশিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰি উৎসাহিত কৰিবলৈ সংবাদ মাধ্যমৰ ব্যক্তিসকলকো সময়সূচী অনুসৰি অনুষ্ঠানত উপস্থিত থাকিবলৈ অসম পৰ্বতাৰোহী সন্থাই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অনুৰোধ জনায়।