বঢ়মপুৰৰ কেএম ইটাভাটাত শিশু শ্ৰমিকক নিয়োজন

নগাঁৱৰ বঢ়মপুৰৰ ধনতোলাৰ কেএম ইটা ভাটাত সংঘটিত হৈছে জঘন্য ঘটনা। ইটা ভাটাটোত শিশু সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই নিয়োজিত কৰা হৈছে শিশু শ্ৰমিক।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-09 at 12.46.27 PM

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁৱৰ বঢ়মপুৰৰ ধনতোলাৰ কেএম ইটা ভাটাত সংঘটিত হৈছে জঘন্য ঘটনা। ইটা ভাটাটোত শিশু সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই নিয়োজিত কৰা হৈছে শিশু শ্ৰমিক। শিশু শ্ৰমিককে শ্ৰম কৰি থকাৰ ভিডিঅ বন্দী হৈছে সংবাদ মাধ্যমৰ কেমেৰাত। 

CaptureRTRERUYRTURTY

অভিযোগ অনুসৰি, এই কেএম ইটা ভাটাৰ মালিকৰ পৃষ্ঠপোষকতাতে বহু দিন ধৰি একাংশ শিশু শ্ৰমিকক নিয়োজিত কৰি আহিছে। উল্লেখ্য যে, ইটা ভাটাটোত সাংবাদিকৰ উপস্থিতিৰ পাছতেই নগাঁও জিলাৰ শিশু সুৰক্ষা বিষয়া উপস্থিত হৈ শিশু শ্ৰমিক কেইজনৰ এজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী কেইজন শিশু শ্ৰমিক ইটা ভাটাটোৰ পৰা পলাই যায়।

CaptureREREWEW

এতিয়া শিশু সুৰক্ষা আইনক জলাঞ্জলি দি শিশু সকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা এই ভাটাটোৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।

বঢ়মপুৰ