বৰদিকৰাই পাৱাৰ প্ৰজেক্টৰ চি বি আই তদন্ত মুখ্যমন্ত্ৰীৰ, সন্তুষ্টি প্ৰকাশ বিধায়ক পদ্ম হাজৰিকা ও স্থানীয় ৰাইজৰ...

বৰদিকৰাই পাৱাৰ প্ৰজেক্টৰ চি বি আই তদন্ত মুখ্যমন্ত্ৰীৰ,  সন্তুষ্টি প্ৰকাশ বিধায়ক পদ্ম হাজৰিকা ও স্থানীয় ৰাইজৰ...
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৱৰ্তী অৰুণাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্প সংলগ্ন কৈ নিৰ্মাণ হব লগা বৰদিকৰাই পাৱাৰ প্ৰজেক্টৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই চি,বি,আই তদন্ত নিৰ্দ্দেশ দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক পদ্ম হাজৰিকাই কয়-কোটি কোটি চৰকাৰী ধন অপচয় কৰাটো কোনেও নিবিচাৰে ৷সেই সময়ত আমি এই বিষয়টোৰ পৰা আঁতৰি আছিলো ৷

পৰিৱেশ সুৰক্ষা সমন্ধীয় অনুমতি অবিহনেই আৰম্ভ কৰিছিল এই প্ৰজেক্টৰ কাম ৷ যাৰ ফলত স্থবিৰ হৈ পৰিছিল কামকাজ ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে এই পাৱাৰ প্ৰজেক্টৰ বিৰুদ্ধে চিবিআই তদন্ত দিয়াত প্ৰকৃত ৰহস্য উদঘাটন হব বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ ইফালে ফৰেষ্টৰ নিতীগত অনুমোদন অবিহনেই নেকন পাৱাৰ্ছ নামৰ কোম্পানীটোবে কেনেকৈ কাম আৰম্ভ কৰিলে সেইয়া আশ্চৰ্য্যকৰ কথা বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷

সম্প্ৰতি চিজুচাৰ ডেলাইছিত নেকন পাৱাৰ্ছে আধৰুৱা কাম কৰি কোটি কোটি টকাৰ সামগ্ৰী হাবিয়ে-জংঘলে পেলাই থোৱা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি জহিখহি যোৱা দেখা গৈছে কোটি টকীয়া পাৱাৰ প্ৰজেক্ট নিৰ্ম্মানৰ সা সাগ্ৰী সমুহ ৷ ইফালে বিভাগীয় কৰ্তৃপক্ষই পাৱাৰ প্ৰজেক্টৰ কাম বন্ধ কৰি দিয়াত সংশ্লিষ্ট কোম্পানীটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত ক্ষতি পুৰণ বিচাৰি আবেদন জনোৱাৰ অন্তত ন্যায়ালয়ে ৰাজ্যচৰকাৰক এশ কোটিৰ ক্ষতি পুৰণৰ নিৰ্দেশ দিয়ে ৷

এই বিষয়টোতে খৰ্গগস্ত হৈ মূখ্যমন্ত্ৰীয়ে সমগ্ৰ আচনিখনকলৈ চি,বি,আই তদন্ত ঘোষণা কৰিছে ৷ মনকৰিবলগীয়া যে সেই সময়ত শক্তি বিভাগৰ দ্বায়িত্বত আছিল তদানীন্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ ৷ উচিত তদন্ত হলে বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰি থকা বিভাগীয় আমোলা বিষয়া এই তদন্তত সাঙোৰ খাই পৰিব বুলিও জানিব পৰা গৈছে ৷

উল্লেখ্য যে চিজোচাৰ বৰদিকৰাই নদীৰ ওপৰত ২০০৯ চনত এই জলবিদ্যুত প্ৰকল্পৰ নিৰ্মানৰ উদ্দেশ্যৰেই কাম আৰম্ভ কৰাৰ অন্তত ২০১৫ চনত বিভাগে এই নিৰ্মান কাৰ্য বন্ধ কৰি দিছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in