মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ জনপ্ৰিয়তা কমি আহিছে, বিজেপিয়ে বিচাৰিলে নতুন মুখ এখন আনিব : সাংসদ সুস্মিতা দেৱ

ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে, মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে যে ৰাজ্যত তেওঁৰ বাবে আন্দোলন চলি আছে, গতিকে বিজেপিয়ে ইচ্ছা কৰিলে নতুন মুখ এখন আনিব পাৰে

author-image
Asomiya Pratidin
New Update
119

ডিজিটেল সংবাদ, শ্ৰীভূমি : ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে, মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে যে ৰাজ্যত তেওঁৰ বাবে আন্দোলন চলি আছে, গতিকে বিজেপিয়ে ইচ্ছা কৰিলে নতুন মুখ এখন আনিব পাৰে। বিজেপিয়ে যিকোনো মুহূৰ্ততে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পাৰে- তৃণমূল কংগ্ৰেছৰ সাংসদ সুষমিতা দেৱে সোমবাৰে শ্ৰীভূমিলৈ অহাৰ পিছত এই মন্তব্য কৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত দাখিল কৰা গোচৰটোত চাৰ্জশ্বীট দাখিল কৰিলেই যথেষ্ট নহয় বুলিও কয়। লগতে উপযুক্ত তথ্য আৰু প্ৰমাণ দিব লাগে, প্ৰমাণ অবিহনে চাৰ্জশ্বীট দাখিল কৰিলে কোনো লাভ নাই বুলি মন্তব্য কৰে সুস্মিতা দেৱে। 

WhatsApp Image 2025-11-03 at 3.54.26 PM

শ্ৰীভূমিৰ সন্দৰ্ভত তেওঁ কয় যে, বিজেপি নেতাসকলে এতিয়া কেৱল নিৰ্বাচনী টিকট ল’বলৈহে সভা পাতিছে, আচলতে তেওঁলোকৰ ভৰিৰ কোনো ভিত্তি নাই। মানুহে নিজৰ সভালৈ আহিব নিবিচাৰে, গতিকে বিজেপিয়ে অৰুণোদয়, আত্মসহায়ক গোটৰ ধন বিতৰণৰ কথা কৈ মানুহক সংগঠিত কৰিছে। 

তৃণমূল কংগ্ৰেছে শ্ৰীভূমি জিলাৰ কেইবাটাও জলন্ত সমস্যা, বৰাক উপত্যকাৰ প্ৰতি বঞ্চনাৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে আন্দোলন গঢ়ি তুলিব বুলিও কয় তেওঁ। উল্লেখ্য আজি শ্ৰীভূমি জিলাৰ এৰালিগুল, বিনোদিনী,উষাৰানী এলাকাৰ ভূমিহীন ৰাইজৰ পট্টা প্ৰদানৰ দাবীত উলিওৱা সমদলত অংশগ্ৰহণ কৰে তৃণমূল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে।

cm himanta biswa sarma