/asomiyapratidin/media/media_files/2025/11/22/284-2025-11-22-23-48-39.jpg)
ডিজিটেল সংবাদ, বঙাইগাঁও : বঙাইগাঁও জিলাৰ অভয়াপুৰীত শনিবাৰে অনুষ্ঠিত হোৱা এক বৃহৎ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নাৰী শক্তিক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে। প্ৰায় ২৪ হাজাৰ নাৰীক ১০,০০০ টকাৰ চেক প্ৰদান কৰা এই অনুষ্ঠানটি স্থানীয় মহিলাসকলৰ বাবে এক নতুন আশাৰ প্ৰহৰ দিশ মুকলি কৰি দিয়ে।
অনুষ্ঠানত সাংসদ ফণীভূষণ চৌধুৰী, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত মহিলা সকলক সম্বোধন কৰি কয় যে ৰাজ্যৰ প্ৰতিগৰাকী নাৰী আৰ্থনৈতিকভাৱে স্বাধীন আৰু আত্মনিৰ্ভৰশীল হোৱা সময়। “লাখপতি বাইদেউ” গঢ়াৰ উদ্দেশ্যৰে এই আঁচনি আগবঢ়োৱা হৈছে বুলি তেওঁ স্পষ্ট কৰে। নাৰীসকলক স্বাৱলম্বী কৰি সমাজক শক্তিশালী কৰাই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য।
ইফালে মুখ্যমন্ত্ৰীয়ে বঙাইগাঁও ভ্রমণৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয়— “নিযুত মইনা আঁচনি সফলভাৱে আগবাঢ়ি গৈ আছে। এতিয়া ল’ৰা-ছোৱালী দুয়ো পক্ষক সমান গুৰত্ব দিয়া উচিত। সেয়েহে ১ জানুৱাৰীৰ পৰা আমি ‘বাবু আঁচনি’ আৰম্ভ কৰিম।” এই নতুন আঁচনি আৰম্ভ হোৱাৰ লগে লগে দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলৰ শিক্ষাৰ পথ অধিক সুৰক্ষিত হ'ব বুলি অভিভাৱক সকলক আশা ব্যক্ত কৰে। সচাঁকৈয়ে মুখ্যমন্ত্ৰীৰ এই নতুন পদক্ষেপ সময়োপযোগী আৰু ভবিষ্যৎমুখী।
লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে শীঘ্ৰেই বৃদ্ধ পেঞ্চনৰ ধন বৃদ্ধি কৰা হ'ব। বৃদ্ধ–বৃদ্ধাসকলৰ জীৱনমান উন্নত কৰা চৰকাৰৰ প্ৰাথমিক দায়িত্ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়— “আমাৰ আই-বোপাইক মান-সম্মান দি সন্মানজনক জীৱন দিয়া আমাৰ কৰ্তব্য। পেঞ্চন বৃদ্ধি কৰি সেই লক্ষ্যক আগবঢ়াই নিয়া হ'ব ।”
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us