ভূপেন বৰাক কাষত বহুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ভূপেন বৰাৰ লগতে বহুকেইগৰাকী নেতাই বিজেপিত যোগদান কৰিব। বাকীসকল নেতাই বিহপুৰীয়া, ৰঙানদীত যোগদান কৰিব। ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পাছত লখিমপুৰত যোগদান সমাৰোহ অনুষ্ঠিত হ’ব। লখিমপুৰৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব

author-image
Asomiya Pratidin
New Update
141

ডিজিটেল ডেস্ক : প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই বৰাৰ বাসগৃহত উপস্থিত হৈ প্ৰায় ডেৰঘণ্টীয়া বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত ভূপেন বৰাক কাষত বহুৱাই সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ বিজেপি গমনক লৈ কেতবোৰ ঘোষণা কৰি ২২ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীত ভূপেন বৰাই যোগদান কৰিব বলি সদৰী কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘আজি বহুদিনৰ পাছত পূৰ্বৰ সতীৰ্থ ভূপেন বৰাক লগ পালোঁ। ভূপেন বৰাই ২২ ফেব্ৰুৱাৰী, দেওবাৰে বিজেপিত যোগদান কৰিব। 

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কৰিব ভূপেন বৰাই। সভাপতি দিলীপ শইকীয়াই যোগদানৰ অন্য কথা আৰু কাৰ্যসূচীসমূহ সদৰী কৰিব। ভূপেন বৰাৰ লগতে বহুকেইগৰাকী নেতাই বিজেপিত যোগদান কৰিব। বাকীসকল নেতাই বিহপুৰীয়া, ৰঙানদীত যোগদান কৰিব। ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পাছত লখিমপুৰত যোগদান সমাৰোহ অনুষ্ঠিত হ’ব। লখিমপুৰৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব। আজি ৰাজনীতিৰ কথা বেছি কথা পতা নাই।’’

ইফালে কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কাইলৈ মই আৰু ভূপেন বৰাই অকলে বহিম। হিন্দু নেতাৰ স্থান নাই কংগ্ৰেছত। অসমীয়া মূলসুঁতিৰ বাবে কাম কৰি আহিছে। মই কালি ভূপেন বৰাৰ লগত কথা পাতিছিলোঁ। ভূপেন বৰাই জালুকবাৰীতো খেলিব পাৰে। আসনৰ কথা আলোচনা কৰা নাই। আজি ভূপেন বৰাৰ ঘৰলৈ অহাটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান। মাধৱদেৱ কলাক্ষেত্ৰৰ কাম আৰম্ভ ভূপেন বৰাই। ভূপেন বৰা ‘ফিক্স ডিপোজিট’ নাছিল। ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মই মে’ মাহতে জইন কৰিব বুলি কৈছিলোঁ।’’

নিৰ্বাচনী প্ৰেক্ষাপট সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বিৰোধীয়ে ২৪খন আসনত যুঁজ কৰি আছে। সেইকেইখন আমি এনেও নাপাওঁ। ডিব্ৰুগড়, নলবাৰীৰ আসনত কোনো প্ৰভাৱ নপৰে বিৰোধী ঐক্যৰ। ৰাজ্যত বিজেপিৰ চৰকাৰেই হ’ব যদিও মই ৯০খন আসন পাম বুলি ভাবি নলওঁ। বহু আসন পাম বুলি ভাবি ল’লে মোৰ কাম কৰিবলৈ মন নাযাব।’’

প্ৰদ্যুৎ বৰদলৈৰ বিজেপিগমনক লৈ ভৱিষ্যদ্বাণী কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘২০২৯ৰ লোকসভা নিৰ্বাচনৰ দুমাহ পূৰ্বে প্ৰদ্যুৎ বৰদলৈয়ে যোগদান কৰিব বিজেপিত। সমাগত বিধানসভা নিৰ্বাচনত পৰাজয় হোৱাৰ পাছতে দেৱব্ৰত শইকীয়াই বিজেপিত যোগদান কৰিব। দেৱব্ৰত শইকীয়াই এইবাৰ জয়লাভ নকৰে। নিৰ্বাচনৰ পাছত বাইদেউৰ সৈতে কথা পাতি দেৱব্ৰত শইকীয়াক বিজেপিলৈ আনিম। 

হিন্দু লীডাৰ কংগ্ৰেছত থাকিব নোৱাৰে। গৌৰৱ গগৈয়ে ২০৩১ৰ বাবে পৰিকল্পনা কৰিছে। তেওঁ ডাঙৰ মানুহৰ ল’ৰা। ডাঙৰ মানুহৰ ল’ৰা কেতিয়াও হতাশ নহয়। কালি প্ৰদ্যুৎ বৰদলৈয়ে গৌৰৱ গগৈক কৈছে তুমি পেৰাচ্যুটেৰে লেণ্ডিং কৰিছা। ৰকিবুলক সকলো সংখ্যালঘু নেতাই বেয়া পায়। জিতেন্দ্ৰ সিং মাটিৰ মানুহ নহয়। অসমৰ ৰাজনীতি বুজি নাপায় জিতেন্দ্ৰ সিঙে। ভূপেন বৰাৰ লগত কিয় প্ৰদ্যুৎ বৰদলৈক নিদিলে? জিতেন্দ্ৰ সিঙৰ বিষয়ে গুগুলত চাৰ্ছ কৰিলে সকলো জানিব পাৰিব।’’

ভূপেন বৰা