অসমৰ বিকাশৰ গতিত কোনেও বাধা দিব নোৱাৰে : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমৰ বিকাশৰ গতিত কোনেও বাধা দিব নোৱাৰে। সন্মুখত হিমালয় আহিলেও এই গতি ৰুধিব নোৱাৰে। দেওবাৰে দৰং জিলাৰ অন্তৰ্গত মঙলদৈ চহৰত এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

author-image
Asomiya Pratidin
New Update
349
ডিজিটেল ডেস্ক : অসমৰ বিকাশৰ গতিত কোনেও বাধা দিব নোৱাৰে। সন্মুখত হিমালয় আহিলেও এই গতি ৰুধিব নোৱাৰে। দেওবাৰে দৰং জিলাৰ অন্তৰ্গত মঙলদৈ চহৰত এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে মঙলদৈত উপস্থিত হৈ কেইবাটাও অভিলাসী প্ৰকল্পৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনতে কৰুৱা- নাৰেংগী সংযোগী দলঙৰ শিলন্যাস কৰে। তাৰোপৰি দৰং মেডিকেল কলেজ ,গুৱাহাটী ৰিং ৰোডকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।
এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- অসমৰ বিকাশৰ গতিত কোনেও বাধা দিব নোৱাৰে। সন্মুখত হিমালয় আহিলেও এই গতি ৰুধিব নোৱাৰে। তেওঁ আৰু কয়- ১৮,৫৩০ কোটি টকাৰ উপহাৰ লৈ আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। লগতে তেওঁ উপস্থিত ৰাইজক উদ্দেশ্যি কংগ্ৰেছৰ দিনত এটা দিনত এনে পেকেজ আহিছিল নেকি বুলি প্ৰশ্ন কৰে। 
আজিৰ এই শিলান্যাস পৰ্বত মুখ্যমন্ত্ৰীকে ধৰি সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী কেশৱ মহন্তকে আন আন মন্ত্ৰী- বিধায়কসকল উপস্থিত থাকে।
ড০ হিমন্ত বিশ্ব শৰ্মা