২০,১১৫ গৰাকী উদ্যোগী মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

“মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি”ৰ অধীনত নাহৰকটীয়া বিধানসভা সমষ্টিৰ ২০,১১৫ গৰাকী উদ্যোগী মহিলালৈ প্ৰাৰম্ভিক পৰ্য্যায়ত ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
gdhfdgshdgshdgs

ডিজিটেল সংবাদ, নামৰূপঃ "স্বাৱলম্বী নাৰী, সমৃদ্ধিশালী অসম" শ্লোগানেৰে মহিলাৰ স্বাৱলম্বিতাৰ বাবে “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি”ৰ অধীনত নাহৰকটীয়া বিধানসভা সমষ্টিৰ ২০,১১৫ গৰাকী উদ্যোগী মহিলালৈ প্ৰাৰম্ভিক পৰ্য্যায়ত ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰে ১৮৪৬১ গৰাকী মহিলা গ্ৰাম্যাঞ্চলৰ আৰু ১৬৫৪ গৰাকী মহিলা নগৰ অঞ্চলৰ। হাপজান চাৰিআলিৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী যোগেন মহন, বিধায়কসকল ক্ৰমে টেৰচ গোৱালা, চক্ৰধৰ গগৈ আৰু তৰংগ গগৈ উপস্থিত থাকে।  

সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে, আজি চৰকাৰে মহিলা সকলৰ বাবে যিখিনি কৰিছে, সেয়া কোনো কালে কোনো চৰকাৰে কৰা নাই। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সপোন যে দেশৰ তিনি কোটি মহিলাক লাখপতি বাইদেউ বনাব লাগে। অসমত চল্লিশ লাখ মহিলাৰ ভিতৰত ৮ লাখ মহিলাই ইতিমধ্যে লাখ টকাৰ ব্যৱসায় কৰি আছে। এতিয়া বাকী সকলকো লাখপতি মহিলা বনাবলৈ চেষ্টা কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, এই আঁচনিৰ জৰিয়তে এক জন জাগৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। অসমৰ আত্মসহায়ক গোট সমূহক ১৫ হেজাৰ কোটি টকাৰ ঋণ দিছে। আৰু ইয়াৰে ৯৯ শতাংশ ঋণ ঘূৰাইও দিছে। অসমত বজাৰ আছে বহু বিলাক শিতান আছে যত মহিলা সকলে ব্যৱসায়  কৰিব পাৰিব। আৰু দহ হেজাৰ টকা কিদৰে খৰচ সেই সন্দৰ্ভতো পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে।

চৰকাৰে ইতিমধ্যে ছোৱালী সকলৰ পঢ়াৰ দায়িত্ব লৈছেই এইবাৰ ১জানুৱাৰীৰ পৰা লৰা সকলৰো পঢ়াৰ দায়িত্ব চৰকাৰে লব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত কয়। লগতে ১ জানুৱাৰীৰ পৰা ১০০টকাত দাইল চেনী আৰু নিমখ দিয়া হব বুলি উল্লেখ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। 

WhatsApp Image 2025-12-24 at 9.04.49 PM

আনহাতে নাহৰকটীয়া সমষ্টিৰ বাগানৰ শ্ৰমিকসকলে মাটিৰ পত্তা পাব। লগতে বিভিন্ন পথ নিৰ্মাণ, দলং নিৰ্মাণ আদি সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ লগতে কয় যে, “এতিয়া মোৰ মনত দৃঢ় বিশ্বাস হৈছে যে প্ৰধান মন্ত্ৰীৰ চেষ্টাত—নামৰূপ পুনৰ প্ৰাণ পাই উঠিব, অধিক জীৱন্ত আৰু উন্নত ৰূপ ল’ব।”

ইফালে, বিধায়ক তৰংগ গগৈৰ নেতৃত্বক শলাগ লৈ তেওঁ কয় যে, “তৰঙ্গ গগৈৰ সুদৃঢ় নেতৃত্বত নাহৰকটীয়া সমষ্টিত সুখ, শান্তি আৰু বিকাশেৰে ভৰা এটা নতুন পৰিৱেশৰ নিৰ্মাণ হৈছে। নাহৰকটীয়া সমষ্টিত ৩০,০০৯টা পৰিয়ালে আৰুণোদয় আঁচনিৰ সুবিধা পাইছে আৰু ৪১৭৬৩,তকৈ অধিক ৰেচন কাৰ্ডধাৰীয়ে বিনামূল্যে চাউল, দাল, নিমখ আৰু চেনি লাভ কৰিছে।”

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, চলিত বছৰটোত ২৩৩১ গৰাকী ছোৱালীয়ে নিযুত মইনা আঁচনিৰ অধীনত পঢ়িবলৈ পাইছে, এই বছৰত বহু পৰিয়ালে মাটিৰ অধিকাৰ পাইছে। পুনৰ ১৫১৭৭টা পৰিয়ালে ‘এটি কলি দুটি পাত’ আঁচনিত বাগিচা শ্ৰমিক হিচাপে মাটিৰ অধিকাৰ পাব। লগতে ডিচাংকিনা বঙালী গাঁৱৰ পৰা কঁঠালগুৰীলৈ মৰাণ নাহৰকটীয়া পথ, ভাদৈ পাঁচআলিৰ পৰা টিপাম–জয়পুৰ হৈ –খুঞ্চা লৈ পথ নিৰ্মাণ হৈছে, ঘিলাগুটি নেপালিবস্তি পথ, চাচনী–বেলবাৰিয়ালী, টিকিৰা–বালিঘাট  –হামজুকি, আৰ.চি.চি দলঙ, মাধৱপুৰ পথ, টিংখাং–শ্ৰীপুৰীয়া পথ, বৰুৱা নগৰৰ পৰা মাহমৰালৈ সংযোগী দলঙ নিৰ্মাণ কৰা হৈছে। তাৰ উপৰিও জয়পুৰ চাৰি চাৰিআলিৰ পৰা দিল্লীঘাট  ৰাস্তাৰ উন্নয়ন সম্পন্ন হৈছে।

সভাত ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, আগতেও বহুত বিধায়ক, মন্ত্ৰী হৈছে কিন্তু তৰংগ গগৈ বিধায়ক হোৱাৰ পিছত যি ধৰণে উন্নয়ন হৈছে  দুখীয়া, মধ্যবিত্ত সকলোৱে সুবিধা পাইছে , চাওঁতে চাওঁতে অতি কম দিনতেই নাহৰকটীয়া  ৰাজ্য খনৰ  ভিতৰতে এটা উন্নত  সমষ্টি হৈছে পৰিছে। সমষ্টিটোত আধুনিক জীৱনধাৰা, উন্নত ব্যৱস্থা আৰু সমবায় প্ৰচেষ্টাৰে এই ঠাইখন আগবাঢ়ি গৈছে। যেতিয়া  আমি সকলো মানুহ একেলগে মিলি প্ৰীতি, মৰম আৰু সহযোগিতাৰে আগুৱাই যাওঁ, তেতিয়াই উন্নতি নিশ্চিত হয়।

আনহাতে, “মই বিশ্বাস কৰোঁ, যদি আমি প্ৰতিজনে নিজৰ কৰ্তব্য সততা আৰু দায়িত্ববোধেৰে পালন কৰো, তেন্তে সমষ্টিটো নিশ্চিতভাৱে আগুৱাই যাব আৰু উন্নয়নৰ পথত দৃঢ়ভাৱে স্থিৰ হ’ব পাৰিব। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নামৰূপৰ ৰাইজে যি সন্মান জনালে ইয়াৰ বাবে ধন্যাবাদ জনাই কয় আৰু নামৰূপত প্ৰধানমন্ত্ৰীয়ে নতুন এম’নিয়া-ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ কৰিলে—সেয়া আমাৰ বাবে, বিশেষকৈ নামৰূপ আৰু নাহৰকটীয়া অঞ্চলবাসীৰ বাবে, সঁচাকৈয়ে এক গৌৰৱৰ দিন আছিল। অতি সোনকালে নুমলীগড় ৰিফাইনেৰী তেওঁ নামৰূপত এটি উদ্যোগ নিৰ্মাণ কৰিব বুলি“ মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ সন্দৰ্ভত কয় যে, 'মই গৌৰৱ গগৈৰ পৰা খাই থকা নাই, তেওঁৰ মই ভাত খাইছো নে পানী খাইছো?' 'মোৰ যিদিনা মনত ইচ্ছা হ'ব মই সেইদিনাই ক'ম'। 'যি গৌৰৱ গগৈৰ পৰা টিকট পাব লগীয়া আছে, তেওঁলোকে গৌৰৱ গগৈৰ কথা শুনিব'। 

ইফালে, কাৰ্বিআংলঙৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, 'নিৰ্বাচনৰ পুৰ্বে কিছু কিছু অঞ্চলতএনে বিক্ষিপ্ত ঘটনা ঘটাৰ পূৰ্ব অনুমান হৈছিল। তথাপি ডিচেম্বৰ, জানুৱাৰী মাহটোত সকলো সতৰ্কতাৰে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, “হিংসাৰ জৰিয়তে সমস্যাৰ সমাধান নহয়। খেৰণিৰ VGR, PGRৰ মাটিত উচ্ছেদ কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ আছে।“

নাহৰকটীয়া