/asomiyapratidin/media/media_files/2025/08/13/dfsdfsd-2025-08-13-16-55-02.jpg)
ডিজিটেল ডেস্কঃ দিল্লী-এনচিআৰৰ পদপথৰ কুকুৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ পাছতে সমগ্ৰ দেশতে অব্যাহত আছে প্ৰতিক্ৰিয়া। ৰাজনীতিবিদৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক সমালোচনা কৰিছে। উচচতম ন্যায়ালয়ে পদপথৰ কুকুৰে কামোৰাৰ সৈতে জড়িত গোচৰসমূহৰ প্ৰতি লক্ষ্য ৰাখি ছয়ৰ পৰা আঠ সপ্তাহৰ ভিতৰত দেশৰ ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা চহৰৰ ৰাজপথৰ পৰা সকলো পদপথৰ কুকুৰক আঁতৰাই পেলোৱাৰ নিৰ্দেশ দিছিল। পিছে দেশৰ জনতাৰ মাজত সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতে বুধবাৰে দিল্লী-এনচিআৰৰ ৰাজপথ কুকুৰ সন্দৰ্ভত দিয়া নিৰ্দেশনা পুনৰ বিবেচনা কৰাৰ আশ্বাস দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশয়ে।
উল্লেখযোগ্য যে, দিল্লীৰ বিভিন্ন স্থানত পদপথৰ কুকুৰৰ আক্ৰমণত জলাতংক ৰোগত ভুগি কেইবাজনো লোকৰ মৃত্যু হৈছে। ক্ৰমাৎ বৃদ্ধি পাইছে কুকুৰৰ আক্ৰমণত মৃত্যু হোৱা ঘটনাৰ সংখ্যা। যাৰবাবে উচ্চতম ন্যায়ালয়ে বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ প্ৰদান কৰিছিল। আনহাতে, ২০২২ চনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ছটা মেট্ৰ’ৰ দুৰ্ঘটনাৰ মূল কাৰণ হৈছে পদপথৰ জীৱ-জন্তু। জীৱ-জন্তুৰ দ্বাৰা সংঘটিত দুৰ্ঘটনাৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল দিল্লীৰ পদপথৰ কুকুৰ।
ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই নিৰ্দেশনাক লৈ পেটাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধী, বিজেপি নেতা মেনকা গান্ধী আদিৰ দৰে নেতাই বিৰোধীতা কৰিছিল। ইয়াৰ উপৰিও বলীউডৰ বহু চেলিব্ৰিটিয়েও আদালতৰ এই নিৰ্দেশক লৈ প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছিল।