/asomiyapratidin/media/media_files/2026/02/12/111-2026-02-12-18-05-09.jpg)
ডিজিটেল ডেস্ক : তিৱা কাউন্সিলত ভয়ংকৰ দুৰ্নীতি আৰু জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। কাউন্সিলৰ কোটি কোটি টকা ভুৱা ৱৰ্ক অ’ৰ্ডাৰ দি কমিচন সংগ্ৰহ কৰিছে বুলি অভিযোগ উঠিছে কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ আৰু ই এম খগেন বৰদলৈৰ বিৰুদ্ধে।
অভিযোগ মতে, ৭০ কোটি টকাৰ কমিচন সংগ্ৰহ কৰিছে যোগানৰ ভুৱা অ’ৰ্ডাৰ দি। ৰাজ্যৰ বাহিৰৰ এটা প্ৰতিষ্ঠানক চাপ্লাইৰ ভুৱা অ’ৰ্ডাৰ দি জনৈক হাজৰিকা নামৰ এজন মধ্যভোগীৰ জৰিয়তে এই ধন সংগ্ৰহ কৰা বুলিও চৰ্চিত হৈছে।
এনে অনিয়মৰ সৈতে মণ্টু আহমেদ নামৰ এজন লোকৰ নামো সাঙোৰ খাই পৰিছে। তিৱা কাউন্সিলৰ মনোনীত সদস্য অজিত ডেকায়ো এই চক্ৰটোৰ সৈতে মিলি আছিল যদিও ধন লেন- দেনৰ প্ৰতাৰণাৰ বাবে তেওঁ চক্ৰটোৰ সৈতে সম্পৰ্ক ছেদ কৰা বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/12/whatsap-2026-02-12-18-05-29.jpeg)
ইফালে, মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰে একাংশ দালালৰ সৈতে কেনেদৰে মদ্যপান কৰি কমিচনৰ অংক কৰে, সেই দৃশ্যও ভাইৰেল হৈ পৰিছে। এই সন্দৰ্ভত ভুৱা ৱৰ্ক অ’ৰ্ডাৰক লৈ ২০২৪-২৫ চনতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা বুলিও এক সূত্ৰই সদৰী কৰিছে।
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই প্ৰাৰ্থিত্বকেন্দ্ৰিক দৌৰৰ মাজতে এই চৰ্চাই মৰিগাঁৱত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ছত্তিশগড়ৰ মেচাৰ্চ কিষাণ ছলাৰ এজেন্সি নামৰ এটা প্ৰতিষ্ঠানে ৰমাকান্ত দেউৰীলৈ এই সন্দৰ্ভত পত্ৰ লিখি এই কেলেংকাৰীৰ কথা অৱগত কৰিছে। পৰৱৰ্তী প্ৰতিবেদনত তিৱা কাউন্সিলত সংঘটিত কেলেংকাৰী আৰু এই অভিযোগৰ সন্দৰ্ভত বিস্তৃত তথ্য উন্মোচন কৰা হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us