/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/FD-T.jpg)
ডিজিটেল ডেস্কঃ ছত্তীশগড়ত চি আৰ পি এফ জোৱানৰ গুলীত নিহত হৈছে ৪ সতীৰ্থ জোৱান। সোমবাৰে পুৱতি নিশা চুকমা জিলাৰ মৰইগুণ্ডা কেম্পত সংঘটিত হৈছে এই ঘটনা। কেম্পটোত প্ৰথমে জোৱানসকলৰ মাজত হতাহতি আৰু পিছলৈ এগৰাকী জোৱানে নিজৰ বন্দুকেৰে কৰা গুলীৰ মৃত্যু হৈছে ৪গৰাকী জোৱানৰ লগতে আহত হৈছে ৩গৰাকীকৈ সতীৰ্থ জোৱান।
ঘটনাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানে জানিবলৈ দিয়া অনুসৰি, পুৱতি নিশা প্ৰায় ৩.৩০বজাত সংঘটিত হৈছে এই ঘটনা। AK-47ৰে এই গুলীবৰ্ষণ কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। গুলীবিদ্ধ হৈ হস্পাতালত ভৰ্তি হৈ থকা ৩গৰাকী জোৱানৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলিও জানিবলৈ দিয়ে তেওঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us