একেলগে একেখন বিদ্যালয়ৰ ৪২৬ গৰাকী শিক্ষাৰ্থীক হত্যাৰ অপচেষ্টা!

এক ভয়ংকৰ ষড়যন্ত্ৰ। একেলগে একেখন বিদ্যালয়ৰ ৪২৬ গৰাকী শিক্ষাৰ্থীক হত্যাৰ অপচেষ্টা চলোৱাৰ এই ভয়কৰ ষড়যন্ত্ৰ পোহৰলৈ অহাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। 

author-image
Tushar Pratim
New Update
একেলগে একেখন বিদ্যালয়ৰ ৪২৬ গৰাকী শিক্ষাৰ্থীক হত্যাৰ অপচেষ্টা!

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ষড়যন্ত্ৰ। একেলগে একেখন বিদ্যালয়ৰ ৪২৬ গৰাকী শিক্ষাৰ্থীক হত্যাৰ অপচেষ্টা চলোৱাৰ এই ভয়কৰ ষড়যন্ত্ৰ পোহৰলৈ অহাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। 

Advertisment

ঘটনা ছত্তীশগড়ৰ। ৰাজ্যখনৰ সুকুমাৰ পাকেলা আৱাসিক বিদ্যালয়ত অধ্যয়নৰত ৪২৬ টাকৈ শিশু শিক্ষাৰ্থীক হত্যাৰ অপচেষ্টা চলোৱাৰ তথ্য পোহৰলৈ আহিছে। খবৰ অনুসৰি যোৱা ২১ আগষ্টৰ নিশা সংঘটিত হৈছিল এই ঘটনা। 

ঘটনাৰ বিৱৰণ  অনুসৰি সেই নিশা এই আৱাসিক বিদ্যালয়খনৰ খাদ্যৰ সোৱাদ লোৱাৰ সময়ত অধীক্ষকজনে প্ৰচণ্ড ৰাসায়নিক গোন্ধ পায়। ফলত তেওঁ লেই খাদ্য আৱাসিক বিদ্যালয়খনৰ শিশুক খাবলৈ নিদি পেলাই দিয়ে। 

তাৰ পিছতেই এই ঘটনাক লৈ আৰম্ভ হয় তদন্ত। এই তদন্ততে পোহৰলৈ আহিছে বিদ্যালয়খনৰ শিশু শিক্ষাৰ্থীসকলক হত্যাৰ ভয়ংকৰ ষড়যন্ত্ৰ। তদন্তত জানিব পাৰে যে, সেই নিশা খাদ্যত ফেনাইল (!) মিহলাই দিয়া হৈছিল। 

উল্লেখ্য যে, এই আৱাসিক বিদ্যালয়খনৰ শিশুক খাদ্য দিয়াৰ পূৰ্বে সেয়া ৱাৰ্ডেনকে ধৰি কৰ্তৃত্বশীল বিষয়াসকলে পৰীক্ষা কৰে।২১ আগষ্টৰ নিশাও তেনেদৰেই পৰীক্ষা কৰিছিল। সেই পৰীক্ষাৰ সময়তে দুজল পেটেল নামৰ অধীক্ষকগৰাকীয়ে খাদ্যৰ পৰা অস্বাভাৱিক গোন্ধ  পোৱাত সেইখিনি নষ্ট কৰাৰ নিৰ্দেশ প্ৰদান কৰে। 

তাৰোপৰি বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি উৰ্ধতম কৰ্তৃপক্ষলৈ লিখিত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিতে জিলা আয়ুক্ত দেৱেশ কুমাৰ ধ্ৰুৱে গঠন কৰে এখন তিনিজনীয়া তদন্ত কমিটী। এই তদন্ত কমিটীয়ে বিদ্যালয়খনৰ কৰ্মচাৰী, শিক্ষাৰ্থীসকলোৰে ভাষ্য সংগ্ৰহ কৰি লিপিবদ্ধ কৰে। 

বহু শিক্ষাৰ্থীয়ে মুকলিকৈয়ে এই বিদ্যালয়খনৰ এগৰাকী শিক্ষকে খাদ্যত বিষ মিহলাই দিয়াৰ অভিযোগ কৰে। এই অভিযোগৰ ভিত্তিতে অভিযুক্ত শিক্ষকগৰাকীৰ ভূমিকা আৰু তেওঁৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এতিয়ালৈকে এই শিক্ষকগৰাকীয়ে খাদ্যত বিষ মিহলাইছিল নে নাই সেয়া স্পষ্ট হোৱা নাই। 

সেয়া যিয়েই নহওঁক আৱাসিক বিদ্যালয়খনৰ অধীক্ষকগৰাকীৰ তৎপৰতাত এইদৰে এক ভয়ংকৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা পৰিল বিদ্যালয়খনৰ ৪২৬ গৰাকী শিক্ষাৰ্থী। এই ঘটনাৰ পিছতে এতিয়া বিদ্যালয়খনত সুৰক্ষা সম্পৰ্কীয় বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অধীক্ষকগৰাকীৰ তৎপৰতাক বহুতেই শলাগ লৈছে। 

খাদ্য বিষক্ৰিয়া ছত্তীশগড়