
ডিজিটেল ডেস্কঃ মাওবাদী অধ্যুষিত ছত্তীছগড়ত এই পৰ্যন্ত শান্তিপূৰ্ণভাৱেই সম্পন্ন হৈ আছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ১৮টা সমষ্টিৰ ভোটাৰসকলে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ। পুৱা ১০ বজা পৰ্যন্ত ১০.৭ শতাংশ ভোটাৰে ভোট প্ৰদান কৰে বুলি জনাইছে নিৰ্বাচনী আয়োগে।
ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়তে সুকমা আঞ্চলৰ বান্দা কেন্দ্ৰত উদ্ধাৰ হয় আই ই ডি। ইয়াৰ ফলত ভোটাৰসকলৰ মাজত আতংকই বিৰাজ কৰে যদিও পিছত ভোটদান কৰিবলৈ ওলাই অাহে।
ইফালে, ৰাজ্যবাসীক নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া বিলাসপুৰৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে মাওবাদীৰ ভাবুকিৰ দান্তেৱাড়াকে ধৰি ১০ টা কেন্দ্ৰত ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰা হৈছে। এই কেন্দ্ৰকেইটাত বিয়লি ৩বজাত ভোটগ্ৰহণ সমাপ্ত হ'ব।
নিৰ্বাচনী আয়োগৰ সূত্ৰই সদৰী কৰা মতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে সমগ্ৰ ৰাজ্যখনতে নিয়োজিত কৰা হৈছে প্ৰায় ১ লাখ নিৰাপত্তাৰক্ষী। মাওবাদীৰ গতিবিধি লক্ষ্য কৰিবলৈ অতি স্পৰ্শকাতৰ অঞ্চলসমূহত হেলিকপ্টাৰ আৰু ড্ৰ'নো ব্যৱহাৰ কৰা হৈছে।
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ৪ হাজাৰ ৩৩৬টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে নিৰ্বাচন। মুঠ ভোটাৰৰ সংখ্যা ৩১ লাখ ৭৯ হাজাৰ ৫২০ গৰাকী। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিৰ্ণয় হ'ব ১৯০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ২০ নৱেম্বৰত। ফলাফল ঘোষণা কৰা হ'ব অহা ১১ ডিচেম্বৰত। সমাগত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে শাসনাধিষ্ঠিত বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছেও এই নিৰ্বাচনক এক প্ৰকাৰ ছেমি ফাইনেল হিচাপে গণ্য কৰা পৰিলক্ষিত হৈছে।