/asomiyapratidin/media/media_files/2025/07/08/vbvbvb-2025-07-08-08-55-20.jpg)
ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণৰ ফলত মধ্যপ্ৰদেশৰ ছটাৰপুৰত অৱস্থিত বাগেশ্বৰ ধামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। দেৱাল ভাঙি এজন ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে ১২ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহত আটাইকেইজন ভক্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
ইফালে বাগেশ্বৰ ধামত ক্ৰমাৎ বৃদ্ধি পোৱা জনসমাগমৰ বাবে পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে ভক্তসকলক ঘৰতে থাকি গুৰু পূৰ্ণিমা উৎসৱ পালন কৰিবলৈ অনুৰোধ জনাইছে। বাগেশ্বৰ ধামত গুৰু পূৰ্ণিমা উৎসৱ উপলক্ষে ভক্তৰ অত্যধিক ভিৰ আৰু অবিৰত বৰষুণৰ পৰিপ্ৰেক্ষিতত ভক্তসকলৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু ধামত শৃংখলা বজাই ৰখাৰ বাবে এই আহ্বান জনাইছে পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে।