প্ৰত্যাৱৰ্তনৰ আশা এৰি ক্ৰিকেটক বিদায় পূজাৰাৰ

ধ্ৰপদী বেটিংশৈলীৰ বাবে তেওঁক বিশ্বৰ সকলো ক্ৰিকেটাৰে চিনি পাইছিল। প্ৰতিপক্ষৰ খেলুৱৈসকলেও তেওঁৰ নম্ৰ আৰু শান্ত- সমাহিত ব্যক্তিত্বৰ বাবে সমীহ কৰিছিল। বহু প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰতীয় দলক প্ৰায় অকলে বিজয় সাৱ্যস্ত কৰাত অন্যতম ভূমিকা পালন কৰিছিল তেওঁ

author-image
Asomiya Pratidin
New Update
167

ডিজিটেল ডেস্ক : দলৰআনবোৰ সতীৰ্থতকৈ তেওঁ আছিল অতি ধাৰ্মিক। ঈশ্বৰ বিশ্বাস কৰা ক্ৰিকেটাসকলৰ মাজৰ অন্যতম আছিল তেওঁ। দ্যা ৱাল ৰাহুল দ্ৰাবিড়ৰ অৱসৰৰ পাছতে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ভাৰতীয় দলত অভিষেক ঘটিছিল তেওঁৰ।

Advertisment

ধ্ৰপদী বেটিংশৈলীৰ বাবে তেওঁক বিশ্বৰ সকলো ক্ৰিকেটাৰে চিনি পাইছিল। প্ৰতিপক্ষৰ খেলুৱৈসকলেও তেওঁৰ নম্ৰ আৰু শান্ত- সমাহিত ব্যক্তিত্বৰ বাবে সমীহ কৰিছিল। বহু প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰতীয় দলক প্ৰায় অকলে বিজয় সাৱ্যস্ত কৰাত অন্যতম ভূমিকা পালন কৰিছিল তেওঁ। প্ৰতিপক্ষৰ বলাৰসকলৰ বাবে তেওঁ আছিল মূৰৰ কামোৰণিসদৃশ। তেওঁ আন কোনো নহয়, বহু যুঁজৰ নায়ক চেতেশ্বৰ পূজাৰা। 

আন্তৰ্জাতিক ক্ৰিকেটত ১০৩ খন টেষ্ট মেচত ভাৰতক প্ৰতিনিধিত্ব কৰি অৱশেষত ২৪ আগষ্ট ২০২৫ দেওবাৰে ক্ৰিকেটক জনাই বিদায়। তেওঁৰ এই বৰ্ণময় কেৰিয়াৰত ১০৩খন মেচৰ ১৭৬ টা ইনিংছত ৭,১৯৫ ৰান সংগ্ৰহ কৰিছে। 

য’ত তেওঁৰ নামত আছে ১৯ টা শতক আৰু ৩৫ টা অৰ্ধশতক। টেষ্টত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে অপৰাজিত ২০৬ ৰান। ২০১০ চনত আন্তৰ্জাতিক কেৰিয়াৰ আৰম্ভ কৰা পূজাৰাই অৱশ্যে এদিনীয়া আন্তৰ্জাতিক মেচো খেলিছে। মাত্ৰ ৫খন এদিনীয়া মেচত ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিলেও তেওঁ টেষ্ট সংস্কৰণতহে প্ৰদৰ্শন আছিল অতি উত্তম। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩তে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন টেষ্ট খেলা পূজাৰাই আৰু ইয়াৰ পাছত দললৈ প্ৰত্যাৱৰ্তন কৰিবলৈ নোৱাৰিলে। কেৰিয়াৰৰ হেঙুলীপৰত দলত স্থান লাভৰ বাবে কঠোৰ অনুশীলন কৰি ব্যৰ্থ হোৱা পূজাৰাই অৱশেত সামাজিক মাধ্যমত সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ৰাজহুৱা কৰে।

cricket