কোকৰাঝাৰৰ ৫২ খন দুৰ্গা পূজা কমিটীলৈ বিটিআৰ চৰকাৰৰ আৰ্থিক অনুদানৰ চেক প্ৰদান

বিটিআৰ চৰকাৰৰ ''আলাৰি চৌৰাং আঁচনি''ৰ অধীনত আজি কোকৰাঝাৰৰ ৫২ খন দুৰ্গা পূজা কমিটী সমূহলৈ দুই লাখ টকাকৈ আৰ্থিক অনুদানৰ পদক্ষেপৰ অংশ হিচাপে চেক প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰৰ ৫২ খন দুৰ্গা পূজা কমিটিলৈ বিটিআৰ চৰকাৰৰ আৰ্থিক অনুদানৰ চেক প্ৰদান

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিআৰ চৰকাৰৰ আলাৰি চৌৰাং আঁচনিৰ অধীনত আজি দুৰ্গা পূজা কমিটী সমূহলৈ দুই লাখ টকাকৈ আৰ্থিক অনুদানৰ পদক্ষেপৰ অংশ হিচাপে চেক প্ৰদান কৰা হয়। আজি কোকৰাঝাৰত আয়োজিত হোৱা এক অনুষ্টুপীয়া অনুষ্ঠানৰ জৰিয়তে দুৰ্গা পূজা কমিটীৰ বিষয়ববীয়াসকলক চেকসমূহ প্ৰদান কৰে কোকৰাঝাৰ পৌৰ সভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম আৰু কোকৰাঝাৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ ৰুধিৰ দৈমাৰীয়ে৷ 

Advertisment

উল্লেখ্য যে কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত ৫২ টা পূজা মণ্ডপ আছে আৰু আজি উক্ত পূজা মণ্ডপৰ কমিটীসমূহলৈ বিটিচি চৰকাৰে ৰিৰ দু চৌৰাং আঁচনিৰ অধীনত দুই লাখকৈ টকাকৈ চেক প্ৰদান কৰে। 

ইপিনে ৫২ খন দুৰ্গা পূজাৰ কমিটীলৈ চেক বিতৰণ কৰি কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মই আলাৰি চৌৰাং আঁচনিৰ প্ৰশংসা কৰি প্ৰমোদ বড়োৰ নেৰ্তৃত্বত বিটিআৰলৈ শান্তি ঘূৰি অহাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সম বিকাশ হৈছে বুলি মন্তব্য কৰে।

কোকৰাঝাৰ দুৰ্গা পূজা