/asomiyapratidin/media/media_files/2025/10/09/whatsapp-image-20-2025-10-09-18-01-45.jpeg)
ডিজিটেল সংবাদ,জোনাইঃ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় ৩৭ হাজাৰ আত্মসহায়ক গোটৰ মহিলাক পুঁজিৰ চেক বিতৰনৰ উদ্দেশ্যে আজি ধেমাজি জিলাৰ চিমেন চাপৰিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/09/g2zkvrdxkaiyhdz-2025-10-09-17-58-56.jpeg)
প্ৰতিগৰাকী উদ্যমী মহিলাক ১০ হাজাৰকৈ টকাৰ অৰ্থ সাহাৰ্য আগবঢ়োৱাৰ উদ্দেশ্যে অনুষ্ঠিত এই সভাত প্ৰায় ৪০ হাজাৰ মহিলা গোট খায়। উক্ত অনুষ্ঠানত মহিলা সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে, "ইমান মহিলা কোনোদিনে দেখা পোৱা নাই। একেলগে ৪০ হেজাৰ আই মাতৃক দেখি মই অভিভূত লগতে ধন্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/09/g2zkuy7xwaaycb-2025-10-09-17-59-13.jpeg)
পৰৱৰ্তী সময়ত মহিলা সকলৰ মাজত ১০ হেজাৰ টকাৰ চেক বিতৰণ কৰে। জনাকীৰ্ণ অনুষ্ঠানখনত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা,শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু,মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক ভূৱন পেগুৰ লগতে বিভিন্ন স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us