/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/784p7lb0/12.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভোলা বৰা আৰু বিশ্বনাথৰ আৰক্ষী অধীক্ষৰ নেতৃত্বত এক অভিযানকাৰী দলে শুকুৰবাৰে নিশা চতিয়াৰ দক্ষিণাঞ্চলৰ বোকাবিলত তিনি গড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ এই বিশেষ অভিযানত আৰক্ষীয়ে বোকাবিলৰ আবুল তাহিৰ, ঢেকিয়াজুলিৰ গড়মৰা পথাৰৰ আবু তাহেৰ আৰু জিনিজিয়াৰ চিলামৰাৰ মকতুল হুছেইনক আটক কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে, আৰক্ষীৰ গোপন অনুসন্ধানত এইসকলৰ গতিবিধি লক্ষ্য কৰি পুনৰ গড় হত্যাৰ পৰিকল্পনাৰ তথ্য লাভ কৰি তিনিগৰাকীক আটক কৰে ৷ সম্প্ৰতি তিনিওকে জেৰাৰ অন্তত আৰক্ষীয়ে এন গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ এই তথ্যৰ ভিত্তিত বিগত সময়ত আন ৭ গৰাকী অভিযুক্তক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us