/asomiyapratidin/media/media_files/2026/02/23/xhahtiiaa-2026-02-23-12-50-58.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ ১ নং ছেৰফাংগুৰি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ১৬ বছৰীয়া কিশোৰ বিগত ৫ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১ নং ছেৰফাংগুৰি গাঁওখনৰ প্ৰবীন বসুমতাৰী আৰু অঞ্জলী বসুমতাৰীৰ পুত্ৰ তথা হলী কিড ইংৰাজী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ দেৰহাছাৰ বসুমতাৰী যোৱা ১৯ ফেব্ৰুৱাৰী পৰা নিৰুদ্দেশ হৈ আছে।
পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, ১৯ ফেব্ৰুৱাৰীত মাতৃ আৰু ভগ্নীৰ লগত সাধাৰণ বাকযুদ্ধ কৰি ঘৰৰ পৰা ওলাই যোৱাৰ পাচৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে কিশোৰ দেৰহাছাৰ বসুমতাৰী। ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কিশোৰজনৰ কোনো সম্ভেদ লাভ কৰা নাই৷
দুৰ্ভগীয়া পিতৃ জানিবলৈ দিয়া মতে কোনো টকা পইচা কিশোৰজনে লগত নিয়া নাই৷ সন্ধানহীন কিশোৰজন অসাধু চক্ৰৰ কৱলত পৰাৰ আশংকা প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ইটাখোলা আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে ছাত্ৰ কিশোৰজনৰ সন্ধান উলিয়াব পৰা নাই। কোনো সদাশয় লোকে কিশোৰজনৰ কোনো সম্ভেদ পালে ৮০১১০-২৬৯৯৭ আৰু ৯৩৬৫৬-৯০৬৬১ নম্বৰ ফোনৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকসকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us