ছটপূজা উদযাপনক লৈ তেজপুৰত জিলা আয়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

আগন্তুক ছট পূজা উদযাপন সন্দৰ্ভত শুকুৰবাৰে শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ অধ্যক্ষতাত তেজপুৰত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
fgsgdsagdsajsja

ডিজিটেল সংবাদ,তেজপুৰঃ আগন্তুক ছট পূজা উদযাপন সন্দৰ্ভত শুকুৰবাৰে শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ অধ্যক্ষতাত তেজপুৰত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰি আয়ুক্ত দাসে, পূজাৰ নীতি-নিয়ম বজাই ৰাখি শ্ৰদ্ধা ভক্তি সহকাৰে পূজা উদযাপন কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ পূজা সমিতিসমূহে পৰ্যাপ্ত স্বেচ্ছাসেৱী নিয়োগ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি লাউড স্পীকাৰ ব্যৱহাৰ,পূজাৰ সময়ৰ প্ৰসংগত নিয়ম মানি চলাৰ লগতে ভক্ত আৰু সৰ্বসাধাৰণ ৰাইজৰ উভয়ৰে সুবিধাৰ্থে ফলপ্ৰসূ যান-বাহন ব্যৱস্থাপনা আৰু বিভিন্ন নিৰাপত্তা দিশসমূহৰ বিষয়ে আলোচনা কৰে। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰে জিলা প্ৰশাসনে।

ইফালে, অতিৰিক্ত জিলা আয়ুক্ত (দণ্ডাধীশ শাখা) টৱাহিৰ আলমে বিগত বছৰৰ বৈঠকৰ সিদ্ধান্তৰ চমু আভাস দি এই বছৰ মানি চলিবলগীয়া নীতি-নিয়ম যেনে- পূজা ঘাটৰ ওচৰত পৰ্যাপ্ত লাইট আৰু বেৰিকেড, সাজ-সজ্জাৰ ক্ষেত্ৰত পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰ, আই ডব্লিউ টিৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্দিষ্ট ঘাটসমূহৰ পানীৰ স্তৰ, নদী আৰক্ষীৰ ভূমিকা সন্দৰ্ভত আৰু পৌৰসভাই গ্ৰহণ কৰিবলগীয়া কৰ্তব্য সমূহৰ বিষয়ে সভাত উত্থাপন কৰাৰ লগতে শোণিতপুৰৰ ডি ডি এম এ আৰু এছ ডি আৰ এফে গ্ৰহণ কৰিবলগীয়া সুৰক্ষা ব্যৱস্থাৰ বিষয়েও আলোকপাত কৰে।

ইয়াৰোপৰি বিগত বছৰৰ সিদ্ধান্তসমূহ উল্লেখ কৰি তেওঁ উল্লেখ কৰে যে, নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত ফটকা ফুটুৱা নিষিদ্ধ আৰু ১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে পূজা ঘাট পৰিভ্ৰমণৰ সময়ত পিতৃ-মাতৃ বা অভিভাৱক লগত থকাটো বাঞ্চনীয়।

আনহাতে, সভাত উপস্থিত থকা বিভিন্ন পূজা সমিতিৰ প্ৰতিনিধিয়ে অৱগত কৰে যে,সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ প্ৰতি সন্মান স্বৰূপে,শিল্পী গৰাকীক স্মৰণ কৰাৰ সমান্তৰালকৈ এই পূজা উদযাপনৰ আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইবাৰ ছট পূজা সাত্ত্বিকভাৱে আধ্যাত্মিক পৰিৱেশত উদযাপন কৰাৰ বাবে আহ্বান জনাইছে। জিলা আয়ুক্ত দাসে সকলো পূজা সমিতিলৈ নিৰাপদ আৰু শান্তিপূৰ্ণ উদযাপনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি পূজাৰ পূৰ্বে সম-জিলা পৰ্যায়ত প্ৰস্তুতিমূলক সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ সভাত।ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা,অতিৰিক্ত আৰক্ষী অধীক্ষক সাতখকাই চাংচন,তেজপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু আন সংশ্লিষ্ট বিষয়াসকলৰ লগতে জিলাখনৰ ছটপূজা সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

তেজপুৰ