বিমানবন্দৰৰ সমীপতে দুৰ্ঘটনাত পতিত এখন চাৰ্টাৰ বিমান

এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। পাইলটকে ধৰি বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী আহত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ওড়িশাৰ ৰুড়কেলা বিমানবন্দৰৰ সমীপত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা । জগাদা ব্লকৰ সমীপত দুৰ্ঘটনাত পতিত এখন চাৰ্টাৰ বিমান। ভুৱনেশ্বৰলৈ গৈ থকা অৱস্থাত বিমানখন দুৰ্ঘটনাত পতিত হয়। ইপিনে বিমানখনত ৪ গৰাকী যাত্ৰীসহ দুগৰাকী ক্ৰু মেম্বাৰ আছিল বুলি জানিব পৰা গৈছে। 

WhatsApp Image 2026-01-10 at 11.46.57 PM

উল্লেখযোগ্য যে-  এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। পাইলটকে ধৰি বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী আহত হয়। এই ঘটনাৰ পাছতে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন মাঝিয়ে সামাজিক মাধ্যমত পোষ্ট লিখা পৰিলক্ষিত হয়। তেওঁ লিখিছে- ৰুড়কেলাত সংঘটিত বিমান দুৰ্ঘটনাৰ বিষয়ে জানিবলৈ পাই মই দুখিত হৈছো। মই নিৰ্দেশ দিছোঁ যে এই কাণ্ডত আহতসকলক তাৎক্ষণিকভাৱে সঠিক চিকিৎসা সেৱা প্ৰদান কৰিবৰ বাবে।

WhatsApp Image 2026-01-10 at 11.48.10 PM

বিমান দুৰ্ঘটনা