/asomiyapratidin/media/media_files/2026/02/08/khahanoiaaa-2026-02-08-22-53-42.jpg)
জিটেল সংবাদ, ঢকুৱাখনা: জলসম্পদ বিভাগ নহয়, ঢকুৱাখনাবাসীৰ এক জটিল সমস্যা অৱশেষত স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিছে লোকনিৰ্মান বিভাগে। ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মান পথৰ কলাকতা অংশত চাৰিকড়ীয়া নদীৰ ভয়াৱহ গৰাখহনীয়াই জনজীৱন বিপৰ্যস্ত কৰি আহিছিল। ভাবুকি নমাই আনিছিল ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মান পথলৈ। এই ভয়াৱহ খহনীয়া প্ৰতিৰোধত জলসম্পদ বিভাগৰ পৰিবৰ্তে এইবাৰ আত্মনিয়োগ কৰিছে ঢকুৱাখনা লোকনিৰ্মান পথ সংমণ্ডল বিভাগে।
এই সদা ব্যস্ত পথটোৰ লগতে সমীপৱৰ্তী এছ আই আৰ ডি কম্প্লেক্স সংযোগী পথত বিগত সময়ত চাৰিকড়ীয়া নদীখনে বিস্তৰ ক্ষতিসাধন কৰি আহিছিল। নদীখনৰ এই সংহাৰী গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অস্থায়ী প্ৰতিৰোধ আঁচনি ৰূপায়ন কৰা হৈছিল। কিন্তু নদীখনৰ প্ৰলয়ঙ্কৰী সোঁতত সকলো উচন য়োৱাহে পৰিলক্ষিত হৈছিল।
শেহতীয়াভাৱে এই জলন্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান পথ সংমণ্ডলৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে এক শৈল স্পাৰ নিৰ্মান আঁচনি। এছ ডি এম এফ আঁচনি ২০২৩-২০২৪ৰ শিতানত চাৰিকড়ীয়া নদীৰ গভীৰতাৰ পৰা "চিগনেচাৰ প্ৰকল্প" সংযোগী পথৰ দাঁতিলৈ কেইবা তৰপীয়া শৈল স্পাৰ মাৰি পথছোৱা খহনীয়াৰ গ্ৰাসৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে লোকনিৰ্মান বিভাগৰ দ্বাৰা ৰূপায়িত এই আঁচনি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে।
ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান পথ সংমণ্ডলৰ অধীনত ৰূপায়িত এই গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ আঁচনিৰ জৰিয়তে ব্যস্ততাপূৰ্ণ ঘূণাসুঁতি পথৰ লগতে কলাকতা, দুলিয়া গাঁও ,কাঠৰবাৰী আদি গ্ৰামাঞ্চলৰ কৃষিজীৱী ৰাইজ উপকৃত হোৱাৰ আশা কৰা হৈছে।
অঞ্চলবাসীৰ দাবী চাৰিকড়ীয়া নদীৰ প্ৰবাহিত সুঁতিৰ তাণ্ডৱ ৰোধৰ বাবে লোকনিৰ্মান বিভাগে গ্ৰহণ কৰা এই আঁচনি সম্প্ৰসাৰিত কৰি কৃষিজীৱী ৰাইজৰ ভূসম্পত্তি সুৰক্ষিত কৰাৰ ব্যৱস্থা লোকনিৰ্মান বিভাগে শীঘ্ৰে গ্ৰহণ কৰক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us