চৰাইদেউত চলন্ত ট্রফী ফুটবল প্ৰতিযোগিতা আৰম্ভ

চৰাইদেউ যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ চৰাইদেউবাসী ৰাইজৰ সহযোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় বার্ষিক প্রয়াত তীক্ষ্ণধৰ কোঁৱৰ সোঁৱৰণী চলন্ত ট্রফী আৰু প্রাইজমাণি ফুটবল প্রতিযোগিতা ৷

author-image
Asomiya Pratidin
New Update
275

ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ চৰাইদেউবাসী ৰাইজৰ সহযোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় বার্ষিক প্রয়াত তীক্ষ্ণধৰ কোঁৱৰ সোঁৱৰণী চলন্ত ট্রফী আৰু প্রাইজমাণি ফুটবল প্রতিযোগিতা ৷ দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ অনুষ্ঠিত প্ৰতিযোগিতাখনি সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত মথুৰাপুৰ বনাম টেঙাপুখুৰী ফুটবল দলৰ মাজত অনুষ্ঠিত হয় ৷

বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ পিতৃ প্ৰয়াত তীক্ষ্ণধৰ কোঁৱৰ সোঁৱৰণত প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে। ইয়াৰ পূৰ্বে পতাকা উত্তোলন কৰে মাৰ্ধূয্য সন্দিকৈয়ে।

ইয়াৰ পিছতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উদ্বোধনী প্ৰতিযোগিতাখনি টেঙাপুখুৰী দলে মথুৰাপুৰ ফুটবল দলক ২-০ গ’লত পৰাজিত কৰে ৷

উদ্বোধনী অনুষ্ঠানত কেবিনেট মন্ত্ৰী যোগেন মহন, সমজিলা আৰক্ষী অধীক্ষক গজানন্দ শৰ্মা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ললিত গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷

ফুটবল