/asomiyapratidin/media/media_files/2025/12/12/whatsapp-im-2025-12-12-17-43-24.jpeg)
ডিজিটেল ডেস্ক : প্ৰকৃততে কি হৈছিল ১৯ ছেপ্তম্বৰ ২০২৫ত ? ছিংগাপুৰত জুবিন গাৰ্গক কোনে কৰিছিল হত্যা ? জুবিনৰ মৃত্যু স্বাভাৱিক মৃত্যু আছিল নে হত্যাকাণ্ড ?
এই সমগ্ৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত ৭জনকৈ লোক কাৰাগাৰত কাৰাবন্দী হৈ আছে ইতিমধ্যে। এই অভিযুক্ত তথা কাৰাবন্দী কেইজন হৈছে ক্ৰমে- শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা, সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ দুই পি এছ অ’ নন্দেশ্বৰ আৰু পৰেশ বৈশ্য।
ইতিমধ্যে তিনিমাহজোৰা উৎকণ্ঠাৰ অন্তত ১২ ডিচেম্বৰ ২০২৫ত চি আই ডিৰ বিশেষ তদন্তকাৰী গোট( এছ আই টি)য়ে আদালতত দাখিল কৰিছে জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাৰ অভিযোগনামা তথা চাৰ্জশ্বিট। ৩,৫০০ পৃষ্ঠাজোৰা এই চাৰ্জশ্বিত উল্লেখ থকা মতে জুবিন গাৰ্গ হত্যাৰ ঘটনাৰে জড়িত ৭গৰাকী অভিযুক্তৰ বিৰুদ্ধে পৃথক পৃথক ধাৰা লগাইছে বিশেষ তদন্তকাৰী গোটে।
অভিযুক্তসকলৰ ভিতৰৰ শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বি এন এছৰ ১০৩ ধাৰা লগোৱা হৈছে। অনুৰূপ ধাৰা জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধেও লগোৱা হৈছে।
তাৰোপৰি আনগৰাকী অভিযুক্ত তথা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে ১০৫ধাৰা লগোৱা বুলি আদালতত দাখিল কৰা অভিযোগনামাত উল্লেখ আছে। একেদৰে আন দুগৰাকী অভিযুক্ত তথা জুবিন গাৰ্গৰ পি এছ অ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে চি বি টি।
উল্লেখযোগ্য যে, বিশ্বাসভংগৰ অভিযোগত প্রয়োগ হয় BNSৰ এই ক্রিমিনেল ব্রিচ অৱ ট্রাষ্ট( চি বি টি)। এতিয়া কথা হ‘ল- আইনৰ এই ধাৰা অনুসৰি আছে বিভিন্ন শাস্তিমূলক বিধান। ১০৩ ধাৰাৰে দণ্ডিত অভিযুক্তক ফাঁচীপৰ্যন্ত বিহা হ’ব পাৰে।
কথা হ’ল- শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ১০৩ ধাৰা। গতিকে এই আটাইকেগৰাকী অভিযুক্তক ফাঁচীৰে দণ্ডিত কৰিলেও তাত আচৰিত হ’ব লগা একো নাই। কিয়নো আইনেই বিধান দিছে যে, এই ধাৰাত অভিযুক্তৰ এইধৰণৰ শাস্তি হ’ব পাৰে।
তাৰোপৰি ১০৫ ধাৰা প্ৰয়োগ কৰা সন্দীপন গাৰ্গৰ যাৱজ্জীৱন কাৰাদণ্ড হ’বও পাৰে। অনুৰূপ শাস্তি নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যয়ো ভোগ কৰিব লগাত পৰিব পাৰে। এতিয়া এই বিচাৰ হ’ব ন্যায়ালয়ত।
ইতিমধ্যে অভিযোগনামা আদালতত দাখিল কৰাৰ পাছতে সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমতো সিদ্ধাৰ্থ- শ্যামকানুহঁতৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জনসাধাৰণ। প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম শাস্তি বিচাৰিছে অসমৰ ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us