/asomiyapratidin/media/media_files/2025/10/18/whatsapp-image-202-2025-10-18-13-42-38.jpeg)
ডিজিটেল ডেস্কঃ নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ল। বিটিচিৰ পৰিবৰ্তিত ৰাজনীতিৰ অংশ হিচাপে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত পৰিবহন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মাজবাটৰ বিপিএফ বিধায়ক চৰণ বড়োই ৷
ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চৰণ বড়োক কেবিনেট মন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱায়। বি পি এফৰ তৰফৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি চৰণ বড়োৰ বাবে পৰিবহন বিভাগটো বিচাৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷
উল্লেখ্য যে, হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ বিধায়ক চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ লগে লগে বি জে পি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ হৈ ক্ষমতাৰো অংশীদাৰ পৰিল বি পি এফ ৷ এই মিত্ৰতাই ৰাজ্যৰ ৰাজনীতিৰ নতুন সমীকৰণ বহন কৰিব বুলি আশা কৰা হৈছে।