/asomiyapratidin/media/media_files/2025/09/02/bggfgdfedwdwwq-2025-09-02-15-34-33.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ সংবাদকৰ্মীসকলৰ এক অন্যতম মঞ্চ চৰাইদেউ প্ৰেছ ক্লাৱৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷
এই উপলক্ষে চৰাইদেউ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত পুৱা ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছতে সম্পাদক প্ৰণৱ বৰগোহাঁইয়ে স্মৃতি তৰ্পণ কৰে ৷ পৰৱৰ্তী সময়ত দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/02/whatsapp-im-2025-09-02-15-36-11.jpeg)
এই শিবিৰটোত শতাধিক ৰোগীক বিনামূলীয়া ঔষধ আৰু সূলভ মূল্যত চশমা বিতৰণ কৰা হয় ৷ দুপৰীয়া গছপুলি বিতৰণ আৰু এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ সম্বৰ্ধনা অনুষ্ঠানটোত স্বাধীনতা সংগ্ৰামী কালিনাথ কোঁৱৰ,কুঞ্জ কোঁৱৰ,আৰু চৰাইদেউ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বুদ্ধেশ্বৰ ৰাজকোঁৱৰৰ লগতে দুগৰাকী বাতৰি কাকত বিতৰক ক্ৰমে আনন্দ শ্যাম গোঁহাই আৰু আচিফুল হুছেইনক একোখনকৈ ফুলাম গামোচা, চেলেং, স্মাৰকসহ এটি গছপুলিৰে সম্বৰ্ধনা জনোৱা হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/02/whatsapp-im-2025-09-02-15-34-53.jpeg)
এই অনুষ্ঠানটোত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰবন্ধক জনাৰ্দন দাস, উপ- মহাপ্ৰবন্ধক ৰতিকান্ত দে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ ইয়াৰ পিছতেই গছপুলি বিতৰণ আৰু মূল অনুষ্ঠানৰ কেক্ কাটি উদ্বোধন কৰে চৰাইদেউ গাঁও পঞ্চায়ত সভানেত্ৰী যমুনা তাঁতি কুমাৰী আৰু এঙেৰা মজলীয়া বিদ্যালয় প্ৰধান শিক্ষক ভূৱন গগৈয়ে ৷
উল্লেখ্য যে, মফচলীয় অঞ্চলৰ সংবাদকৰ্মী সকলৰ এক অগ্ৰণী মঞ্চ চৰাইদেউ প্ৰেছ ক্লাৱে বৃহত্তৰ চৰাইদেউ অঞ্চল সামৰি বিভিন্ন জনকল্যাণমুখী কাম-কাজ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us