চৰাইদেউত সুৰাৰ ওপৰত নিষেধাজ্ঞা…

চৰাইদেউত সুৰাৰ ওপৰত নিষেধাজ্ঞা…

author-image
asomiyapratidin
New Update
চৰাইদেউত সুৰাৰ ওপৰত নিষেধাজ্ঞা…

ডিজিটেল সংবাদ,চৰাইদেউঃ আগন্তুক পৌৰসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাত ৪ মাৰ্চৰ বিয়লি ৪:০০ বজাৰ পৰা ৬ মাৰ্চৰ বিয়লি ৪:০০ বজালৈ আৰু ৯ মাৰ্চৰ দিনা ভোটগণনা প্ৰক্ৰিয়া শেষ হোৱালৈ ড্ৰাই ডে' ঘোষণা কৰা হৈছে।

Advertisment

ৰাজ্য চৰকাৰৰ আৱকাৰী বিভাগৰ এক বেতাৰ বাৰ্তাৰ আলমত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আজি জাৰি কৰা এক আদেশ যোগে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত এই আদেশ জাৰি কৰিছে।

ড্ৰাই ডে'ৰ সময়ছোৱাত জিলাখনৰ সুৰা আৰু সুৰাজাতীয় দ্ৰব্যৰ বিক্রী, বিতৰণ তথা আই. এম. এফ. এল. ৱেৰহাউছ, সুৰাৰ খুচুৰা 'অন্' আৰু 'অফ' বিপনী আৰু দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব। এই কালছোৱাত কোনো ব্যক্তিয়ে সুৰা মজুত ৰাখিব নোৱাৰিব।