চৰাইদেউ মৈদামৰ নান্দনিক দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে বিদেশী পৰ্যটকৰ...

ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যৰ তালিকাত  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম খোদিত হোৱাৰ পাছত বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্র বিন্দু হৈ পৰিছে চৰাইদেউ। ছশ বছৰীয়া আহোম ৰাজত্বকালৰ

author-image
Asomiya Pratidin
New Update
new ap web 3 (29)

ডিজিটেল সংবাদ, চৰাইদেউঃ  ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যৰ তালিকাত  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম খোদিত হোৱাৰ পাছত বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্র বিন্দু হৈ পৰিছে চৰাইদেউ। ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় স্বাক্ষৰ মৈদাম সমূহৰ গঠন আৰু ইয়াৰ ঐতিহাসিক গুৰুত্বৰ বুজ ল’বলৈ চৰাইদেউলৈ বিদেশী পৰ্যটকৰ আগমন ক্ৰমাৎ বৃদ্ধি পাইছে ৷

ঐতিহাসিক এই স্থানলৈ নিয়মীয়া ৰূপত সৰু বৰ গোটত বিদেশী পৰ্যটকৰ আগমন ঘটাত মৈদাম ক্ষেত্ৰত এক জীপাল পৰিবেশ সৃষ্টি হৈছে ৷  সুদীৰ্ঘ আহোম ৰাজত্বৰ স্মৃতি বিজড়িত ঐতিহাসিক  চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ কৰা পাছতে পূৰ্বৰ তুলনাত বৰ্তমান অধিক  পৰ্যটকৰ ভিৰ হোৱা লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৱেষক-ছাত্ৰই এই ঐতিহাসিক স্হানলৈ আহি  মৈদামৰ কাৰু-কাৰ্য আৰু উন্নত স্থাপত্য শৈলী দেখি অভিভূত হৈ পৰা নহয় এই স্থান পৰ্যটনৰ অন্যতম কেন্দ্র হিচাপে চিহ্নিত হৈ পৰিছে৷

প্রাকৃতিক এক মনোমোহা পৰিবেশ তথা আহোম ৰাজত্বকালৰ বিভিন্ন সমলেৰে ভৰপূৰ চৰাইদেউ মৈদামক্ষেত্ৰত আজি দুটা বছৰ পূৰ্বৰ তুলনাত যথেষ্ট সংখ্যক  দেশী-বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যা আশাপ্ৰদভাৱে বৃদ্ধি পাইছে । তথ্য অনুসৰি ২০২৪ বৰ্ষৰ জুলাই মাহৰ পৰা উক্ত বৰ্ষৰ  ৯ ডিচেম্বৰ পৰ্যন্ত ৩৪২২১ গৰাকী দেশী পৰ্যটক আৰু একে সময়সীমাত ১১০ গৰাকী বিদেশী পৰ্যটক চৰাইদেউ মৈদামক্ষেত্ৰলৈ আহিছিল৷

ইয়াৰে সৰহ সংখ্যক ভ্ৰমণকাৰী ডিচেম্বৰ মাহত আগমন হৈছিল৷ ইফালে ২০২৫ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা যোৱা ২০ নৱেম্বৰ পৰ্যন্ত মুঠ ৬৬৬৫৯ গৰাকী দেশী পৰ্যটক আৰু একে সময়সীমাত মুঠ ১৫৯ গৰাকী বিদেশী পৰ্যটক মৈদামক্ষেত্ৰলৈ অহাৰ তথ্য পোৱা গৈছে৷এই সময়ছোৱাত আগমন ঘটা দেশী-বিদেশী পৰ্যটকৰ আগমনৰ বিপৰীতে  সংগৃহীত হোৱা বুজন সংখ্যক ৰাজহৰ পৰিমাণে নিশ্চিত ভাৱে পৰ্যটন উদ্যোগত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰিব পাৰি ।

আগন্তুক নতুন বছৰটোৰ  ডিচেম্বৰ মাহলৈকে  এই পৰিসংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি বৰ্তমানৰ পৰিবেশ পৰিস্থিতিলৈ চাই ক'ব পাৰি৷ শেহতীয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা চৰাইদেউ মৈদামলৈ বিশেষকৈ বিদেশী পৰ্যটকৰ সংখ্যা ক্ৰমাৎ   বৃদ্ধিয়ে  বিষয়টোৱে পৰ্যটন খণ্ডলৈ কঢ়িয়াইছে আশাৰ সঞ্চাৰ ।

চৰাইদেউ চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ মৈদাম চৰাইদেউ মৈদামক্ষেত্ৰ চৰাইদেউ মৈডাম