চৰাইদেউ মৈদাম পৰিদৰ্শন কৰিব থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাত্তৰাট হংটং...

চৰাইদেউ মৈদাম পৰিদৰ্শন কৰিব থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাত্তৰাট হংটং...

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ,চৰাইদেউঃ থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাত্তৰাট হংটংয়ে মঙলবাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদাম পৰিদৰ্শন কৰিব ৷ ৰাষ্ট্ৰদূত গৰাকীয়ে সোমবাৰে ১-৪৫ বজাত চৰাইদেউ মৈদামক্ষেত্ৰলৈ যাত্ৰা কৰি বিয়লি ৪-১৫ বজা পৰ্যন্ত মৈদামথলীত থাকি ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্য থলী হিচাপে শেহতীয়াকৈ স্বীকৃতি লাভ কৰা ঐতিহাসিক মৈদামথলী ভ্ৰমণ কৰিব।

পৰৱৰ্তী সময়ত তেওঁ জিলাখনৰ চলাপথাৰ শ্যাম গাঁৱলৈ যাত্ৰা কৰি টাই খাময়্যাং গাঁওবাসীৰ সৈতে মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে ৷ উজনি অসম ভ্ৰমণৰ বাবে অহা ৰাষ্ট্ৰদূত গৰাকীয়ে থাইলেণ্ডৰ সৈতে অৰ্থনৈতিক সুযোগ,বিশেষকৈ বাণিজ্যৰ লগতে পৰ্যটন আৰু থাইলেণ্ড-ভাৰতৰ মাজত পৰ্যটনৰ ক্ষেত্ৰখনত সম্ভাৱ্য সহযোগিতা অন্বেষণ কৰাৰ উদ্দেশ্যেৰে এই ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

charaideu moidam