/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/agrani-batory.jpg)
ডিজিটেল সংবাদ, সোণাৰিঃ শুক্ৰবাৰে সন্ধিয়া বিলত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ আছে চৰাইদেউৰ এজন লোক। সন্ধানহীন লোকজন চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত মোহন গাঁৱৰ অমূল্য শইকীয়া (৫৫) বুলি প্ৰকাশ পাইছে।
পৰিয়ালে জানিবলৈ দিয়া মতে লোকজনৰ বাসগৃহৰ কিছু নিলগত থকা মোহন বিলত মাছ ধৰিবলৈ বুলি ঘৰৰ পৰা শুক্ৰবাৰে সন্ধিয়া ওলাই গৈছিল। নিশা দেৰিলৈকে লোকজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিছাৰ-খোছাৰ কৰোতে বিলৰ পাৰত লোকজনে পিন্ধি থকা কাপোৰ উদ্ধাৰ হয় যদিও লোকজনৰ কোনো সন্ধান লাভ নকৰি ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।