/asomiyapratidin/media/media_files/2026/01/31/rtgwdfwadsds-2026-01-31-08-38-49.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ পূৰ্বৰ পৰম্পৰাৰ প্ৰতি আন্তৰিক শ্রদ্ধা জনাই, দেশ আৰু জাতিৰ মংগল কামনা কৰি আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদাম থলীত এদিনীয়া কাৰ্যসূচীৰে মে-ডাম-মে-ফী আয়োজন কৰা হৈছে ৷
আটাছুৰ ছৗকাফা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মৈদাম প্ৰাংগনত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ আৰু টাই পৰম্পৰাগত ৰীতিনীতিয়ে বান-ফি পূজাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হব ৷ আনহাতে চৰাইদেউ লাংকুৰি ৰাজবাৰী সমীপতে থকা অসমীয়া জাতিৰ স্ৰষ্টা চাওলুং চুকাফা মৈদাম প্ৰাংগণতো সদৌ কোঁৱৰ বংশাৱলীৰ উদ্যোগত মে-ডাম-মে-ফী উদযাপন কৰা হব ৷
এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, পৰম্পৰাগত ডাম- ফিকে ধৰি মুকলি সভা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us