/asomiyapratidin/media/media_files/2026/01/10/610-2026-01-10-19-14-07.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ ৰাইজৰ ঐকান্তিক প্ৰচেষ্টা আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 'চৰাইদেউ মহোৎসৱ ২০২৬'। কালিৰে পৰা আৰম্ভ হোৱা চৰাইদেউ মহোৎসৱ- ২০২৬ৰ আজি দ্বিতীয়টো দিন। আজিৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণীয় সংযোজন হৈছে প্ৰতীকি ৰূপত স্বৰ্গদেউৰ আগমন।
মহোৎসৱত আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱা লাংকুৰি দেওশালৰ পৰা প্ৰতীকি ৰূপত স্বৰ্গদেউৱে হাতীৰ পিঠিত ডা-ডাঙৰীয়াসহিতে উঠি এশ সৈন্যৰে মহোৎসৱথলীলৈ শোভাযাত্ৰা কৰি আদৰি অনা হয় ৷ উল্লেখযোগ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ পাছত এই মহোৎসৱে চৰাইদেউৰ পৰ্যটন আৰু সংস্কৃতিলৈ এক নতুন মাত্ৰা কঢ়িয়াই আনিছে।
আহোম স্বৰ্গদেউৰ আগমন আৰু প্ৰতিকী ৰাজসভা আজি চৰাইদেউ মহোৎসৱৰ দ্বিতীয় দিনা বিশেষ আকৰ্ষণ আছিল। শতাধিক আহোম সৈনিক আৰু আহোম ডা-ডাঙৰীয়াক লগত লৈ প্ৰতিকী স্বৰ্গদেউৰ আগমনে সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ কৰি তোলে।
পৰম্পৰাগত পোছাক পিন্ধি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত স্বৰ্গদেউৰ ৰাজসভা চৰাইদেউত অনুষ্ঠিত হয়। লগতে টাই-আহোম সকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে স্বৰ্গদেউক আদৰণি জনোৱা হয়, যিয়ে উপস্থিত থকা দেশী-বিদেশী পৰ্যটকক মোহিত কৰি তোলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us