নিজম পৰিল চৰাইদেউ মহোৎসৱৰ বাকৰি

আনহাতে মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ কালি দেওবাৰৰ বন্ধ দিন হোৱা হেতু খাদ্যমেলাৰ লগতে আন আন বিপণীসমূহত মাজনিশা পৰ্যন্ত যথেষ্ট সংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হয়

author-image
Asomiya Pratidin
New Update
622

ডিজিটেল সংবাদ, চৰাইদেউ : আজি পুৱতি নিশা সামৰণি পৰিল দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ কাৰ্যসূচীৰ। চৰাইদেউবাসীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ কাৰ্যসূচী অনুসৰি দেওবাৰে নিশা অসমৰ বিহুসম্ৰাট খগেন গগৈ, কণ্ঠশিল্পী কুসুম কৈলাশ, ৰিদিপ ৰংকিট, ৰমেন দানহ, দেৱজিৎ বড়াকে ধৰি কেইবা গৰাকী শিল্পীৰ বাচকবনিয়া গীতৰ মূৰ্চনাই প্ৰচণ্ড শীতৰ মাজতো পুৱতি নিশালৈকে হাজাৰ হাজাৰ লোকক মোহাচ্ছন্ন কৰি ৰাখে ।  

আনহাতে মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ কালি দেওবাৰৰ বন্ধ দিন হোৱা হেতু খাদ্যমেলাৰ লগতে আন আন বিপণীসমূহত মাজনিশা পৰ্যন্ত যথেষ্ট সংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হয় । এইবাৰৰ মহোৎসৱৰ কাৰ্যসূচীত সংযোগ কৰা কিছু ব্যতিক্ৰমী পদক্ষেপে  দৰ্শকৰ মাজত বিশেষ সমাদৰ পোৱা দেখা গ'ল ।

ইয়াৰ অন্যতম আকৰ্ষণীয় দিশ আছিল প্ৰতিকী ৰূপত স্বৰ্গদেউৰ আগমন আৰু ৰাজসভাৰ ব্যৱস্থা । তদুপৰি মহোৎসৱথলীত চ্যুকাফা চাৰু কলা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ ঠাইতে প্ৰতিকৃতি অংকনৰ ব্যৱস্থাই বহু লোকক আকৰ্ষিত কৰা দেখা গ'ল ।

চৰাইদেউ