শালকোচা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যোমিতা আঁচনিৰ পৰা বঞ্চিত সহস্ৰাধিক মহিলাৰ তীব্ৰ ক্ষোভ। 

author-image
Asomiya Pratidin
New Update
SALKOSKSKSKA

ডিজিটেল সংবাদ, চাপৰঃ চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যোমিতা আঁচনিৰ পৰা বঞ্চিত সহস্ৰাধিক মহিলাৰ তীব্ৰ ক্ষোভ। 

চাপৰ শালকোচা উন্নয়ন খণ্ডৰ ব্লক প্ৰজেক্টৰ পৰিচালক (BPM) ক আগুৰি ধৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। মহিলাৰ ৰুদ্ৰ ৰূপ দেখি কাৰ্যালয় বন্ধ কৰি পলাই পত্ৰং দিয়ে বিষয়াগৰাকীয়ে। 

উল্লেখ্য যে, প্ৰতিটো আত্মসহায়ক গোটৰ ১২গৰাকী সদস্যৰ ভিতৰত মাত্ৰ দুই-এগৰাকী মহিলাক প্ৰদান কৰিব চেক। এই অভিযোগ উত্থাপন কৰি মাত্ৰ দুই এগৰাকী মহিলাক চেক প্ৰদান কৰা সন্দৰ্ভত অসন্তুষ্ট আত্মসহায়ক গোটৰ মহিলাসকল। বাউখুংগুৰি সমষ্টিৰ ছাউথ আৰু নৰ্থ ভিচিডিৰ আত্মসহায়ক গোটৰ প্ৰায় সহস্ৰাধিক মহিলা বঞ্চিত হৈছে এই আচঁনিৰ পৰা। 

বিগত দুবছৰৰ পৰা এই আচঁনিৰ বাবে মহিলাসকলৰ পৰা লৈছিল যাৱতীয় কাগজ-পত্ৰ।  কিন্ত আচঁনিৰ ধন দিয়াৰ সময়ত দুই-এজনকহে চেক প্ৰদান কৰি বিটিচিৰ অধিকাংশ মহিলাক এই আচঁনিৰ পৰা বঞ্চিত কৰাত তীব্ৰ ক্ষোভ উজাৰে আত্মসহায়ক গোটৰ সদস্যসকলে।

চাপৰ