/asomiyapratidin/media/media_files/2025/10/30/cvdsfdfd-2025-10-30-20-11-40.jpg)
ডিজিটেল সংবাদ, চাপৰঃ চাপৰৰ শালকোচাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শালকোচা SBIৰ শাখাত সংঘটিত হৈছে গুলীচালনা। বেংকত আৰ্মগাৰ্ড হিচাপে দায়িত্ব থকা বিপুল কুমাৰ ৰাভা নামৰ নিৰাপত্তাৰক্ষীৰ বন্দুকৰ পৰা হঠাৎ সংঘটিত হল এই ঘটনা। কৰ্তব্যৰত বিপুল ৰাভাৰ হেমাহি আৰু গাফিলতিৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে, ঘটনাক লৈ বেংকৰ ভিতৰত হঠাৎ আতংকিত হৈ পৰে গ্ৰাহক সকল। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আৰ্মগাৰ্ড জনক শালকোচা আৰক্ষী চকী লৈ আনে। সমগ্ৰ ঘটনা সংক্ৰান্তত শালকোচা আৰক্ষীৰ তদন্ত অব্যাহত আছে। কি কাৰণত অভিযুক্ত বিপুল কুমাৰ ৰাভা নামৰ নিৰাপত্তাৰক্ষী গৰাকীয়ে গুলীচালনা কৰিলে সেইয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us