/asomiyapratidin/media/media_files/2025/10/13/htretewrww-2025-10-13-12-35-28.jpg)
ডিজিটেল সংবাদ, চাপৰঃ চাপৰত জুবিন গাৰ্গ ফাউণ্ডেশ্যনে হাতত ললে এক ব্যতিক্ৰমী পদক্ষেপ। দেৱালত অংকিত হ’ল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক চিৰস্মৰণীয় কৰি ৰাখিবলৈ এটাৰ পিছত আনটো পদক্ষেপ গ্ৰহণ কৰিছে লুইতকণ্ঠ জুবিন গাৰ্গ ফাউণ্ডেশ্যন, চাপৰে।
চাপৰ ৰাজহ চক্ৰৰ সন্মুখত অৱস্থিত পেট্ৰল পাম্পৰ এখন দেৱালত ফাউণ্ডেশ্যনৰ উদ্যোগত অংকিত কৰা হৈছে জুবিন গাৰ্গৰ মনোমোহা প্ৰতিচ্ছবি। এই দেৱালচিত্র অংকন কৰিছে কোকৰাঝাৰ নিবাসী প্ৰতিভাৱান চিত্ৰশিল্পী ৰাশিদুল ইছলামে। দেৱালচিত্রখনত লিখা আছে “কালজয়ী, চিৰসেউজ তোমাৰ সৃষ্টি... অবিনাশী তোমাৰ সত্তা।” এই বাক্যই যেন প্ৰতিধ্বনি কৰি তোলে অসমবাসীৰ অন্তৰত জুবিন গাৰ্গৰ প্ৰতি সুৰৰ অম্লান স্মৃতি।
ফাউণ্ডেশ্যনৰ সদস্যসকলে এই শ্ৰদ্ধাঞ্জলি উপলক্ষে উল্লেখ কৰে, “জুবিন দাৰ চিন্তাধাৰাই আমাৰ সমাজৰ একতাৰ প্ৰতীক। তেওঁ সদায় কৈ আহিছিল — ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই।’ সেই চিন্তাধাৰাতেই বহু বছৰ ধৰি চাপৰবাসী একে পথত আগুৱাই গৈছে।”
সদস্যসকলে লগতে উল্লেখ কৰে যে, জুবিন গাৰ্গৰ সুৰ, সৃষ্টিশীলতা আৰু মানবতাবাদী মনোভাৱ আগলৈও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি তুলিব। এই দেৱালচিত্রই সমাজত একতা, ভ্ৰাতৃত্ববোধ আৰু অসমীয়া সংস্কৃতিৰ শাশ্বত মূল্যবোধৰ প্ৰতীক হিচাপে দাঙি ধৰিব বুলি উল্লেখ কৰে সদস্যসকলে।