চাপৰত জুবিন গাৰ্গৰ ৫৩ তম জন্মদিন উদযাপন

চাপৰৰ গান্ধী ময়দানত জুবিন গাৰ্গ ফাউণ্ডেশ্যনৰ উদ্যোগত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-18 at 1.02.38 PM

ডিজিটেল সংবাদ,চাপৰঃ  প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ চাপৰত জুবিন গাৰ্গৰ ৫৩ তম জন্মদিন উদযাপন কৰা হয়। চাপৰৰ গান্ধী ময়দানত জুবিন গাৰ্গ ফাউণ্ডেশ্যনৰ উদ্যোগত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰে।

উল্লেখ্য যে অসমবাসীৰ হিয়াৰ আমঠু, জনপ্ৰিয় শিল্পী জুবিনৰ  জন্মদিন উপলক্ষে পুৱাৰে পৰা  বিভিন্ন  কাৰ্যসূচীৰ আয়োজন কৰা হয়। পুৱা শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।বিলাসীপাৰা সমজিলাৰ জিলা আয়ুক্তৰ প্ৰীতিলেখা ডেকাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অজশ্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনাৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ উপৰি তেখেতক স্মৰণ কৰি মায়াবিনী গীত পৰিৱেশন কৰে। শান্তিৰ প্ৰতীক পাৰ চৰাই আকাশত উৰুৱাই দিয়ে। ইয়াৰ উপৰি পাঁচটাকৈ ধৰ্মৰ লোকে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সম্পূৰ্ণ কৰা পৰিলক্ষিত হয়। 

আনফালে জুবিন গাৰ্গৰ প্ৰিয় গছ নাহৰৰ প্ৰতি সন্মান দেখুৱাই নাহৰৰ পুলি ৰাইজৰ মাজত বিতৰণ কৰে ফাউণ্ডেশ্যনটোৱে। অংশগ্ৰহণকাৰীসকলৰ উপস্থিতিতে অনুষ্ঠানটোৱে এক আবেগিক পৰিবেশৰ সৃষ্টি কৰে।

জুবিন গাৰ্গ চাপৰ জুবিন