/asomiyapratidin/media/media_files/2026/01/30/chapoirrorororm-2026-01-30-15-32-53.jpg)
ডিজিটেল সংবাদ, চাপৰঃ চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ত হুলস্থুলীয়া পৰিৱেশ। ক্ৰমাৎ অধিক উত্তপ্ত হ’বলৈ ধৰিছে পৰিস্থিতি। বিলাসীপাৰা সমষ্টিৰ চৰুৱাবাখৰা, টিলাপাৰা আৰু সন্তোষপুৰৰ উচ্ছেদিত লোকক SR জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত আপত্তি।
আপত্তিৰ দৰ্শোৱাৰ পাছত জাননীযোগে চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ত উচ্ছেদিত এলেকাৰ প্ৰায় ২ হাজাৰ লোকক উপস্থিতি হোৱাৰ নিৰ্দেশ। জাননী লাভ কৰি ২ সহস্ৰাধিক ভোটাৰ উপস্থিত হয় চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত।
SRৰ পুনৰীক্ষণৰ বাবে আহি উপস্থিত হৈছে লোকসকল। কিন্তু পুৱাৰে পৰা কোনো ধৰণৰ পুণৰীক্ষণ নোহোৱাৰ অভিযোগ উত্থাপন হোৱাৰ উপৰি পুনৰীক্ষণৰ নামত ভেকো-ভাওনাৰ অভিযোগ উত্থাপন হৈছে।
ভোটাৰ তালিকাৰ ক্ষেত্ৰত এনেদৰে হাৰাশাস্তি কৰাৰ বিপৰীতে তেওঁলোকক গুলীয়াই মাৰিবলৈ আহ্বান জনায় উপস্থিত ৰাইজে। আনহাতে SR জৰিয়তে বৈধ ভাৰতীয়ক হাৰাশাস্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।
ইফালে, প্ৰাক্তন স্থানীয় বিজেপি বিধায়কৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি প্ৰাক্তন বিধায়কগৰাকীৰ ঘৰ ঘেৰাও কৰিব বুলি জানিবলৈ দিয়ে ক্ষোভিত ৰাইজে। আনহাতে জিলা প্ৰশাসনৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us