চাপৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

চাপৰ আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত চলে এই অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ চাপৰৰ আৰেয়াৰঝাৰস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান। চাপৰ আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত চলে এই অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ। আটক চাপৰৰ মৌৱাটাৰীৰ ড্ৰাগছ ব্যৱসায়ী ৰমেছ আলী। 

উল্লেখ্য যে, বঙাইগাঁৱৰ RFTআৰু 48 BN CRPF ৰ সহযোগত চাপৰ আৰক্ষীৰ এই অভিযান চলাইছিল।এক গোপন সূত্ৰৰ ভিত্তিত চাবনৰ বাকচত ড্ৰাগছ সৰবৰাহৰ সময়ত হাতে লোটে ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ীটোক ।ইপিনে, ড্ৰাগছ ব্যৱসায়ী ৰমেছ আলীয়ে পূৰ্বেও ড্ৰাগছ সৰবৰাহত ইতিমধ্যে কাৰাবাস খাটি আহিছে বুলি জানিব পৰা যায়। আটকাধীন ড্ৰাগছ ব্যৱসায়ীটোক চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। 

ড্ৰাগছ ব্যৱসায়ী চাপৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ড্ৰাগছ