/asomiyapratidin/media/media_files/2026/01/30/chaprrhorinammammm-2026-01-30-15-50-28.jpg)
ডিজিটেল সংবাদ, চাপৰঃ নাম-কীৰ্তন, হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে চাপৰৰ আৰেয়াৰঝাৰ। চাপৰৰ আৰেয়াৰঝাৰ পক্ষীপাৰাত অখণ্ড পালনামৰ সোণালী জয়ন্তী উদযাপন।
পাঁচদিনীয়া কাৰ্যসূচীৰে আৰেয়াৰঝাৰ পক্ষীপাৰাত অনুষ্ঠিত ৫০তম সাৰ্বজনীন অখণ্ড পালনাম মহোৎসৱ। সাৰ্বজনীন অখণ্ড পালনাম মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে উলিওৱা হয় বাৰেৰহনীয়া শোভাযাত্ৰা। কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে এই সাংস্কৃতিক শোভাযাত্ৰাত।
নাম-প্ৰসংগকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে শোভাযাত্ৰাত। ১ ফেব্ৰুৱাৰী, শনিবাৰৰ দিনা স্থানীয় আৰু আমন্ত্ৰিত নাম দলৰ নাম-প্ৰসংগ অনুষ্ঠিত হ’ব।
তাৰপাছত ২ ফেব্ৰুৱাৰী, ৰবিবাৰৰ দিনা আমন্ত্ৰিত ভাগ্যশ্ৰী দেৱীৰ দিহানাম প্ৰদৰ্শন কৰাৰ লগতে ৩ ফেব্ৰুৱাৰী সোমবাৰে আমন্ত্ৰিত অতিথি শিল্পী বিদ্যাসাগৰৰ ভক্তিমূলক গীতৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us