/asomiyapratidin/media/media_files/2025/12/01/3-2025-12-01-12-58-09.jpg)
ডিজিটেল সংবাদ,চাপৰঃ আৰক্ষীৰ মূলমন্ত্ৰ হৈছে জনহিত জনসেৱাৰ্থে । কিন্তু চাপৰ আৰক্ষীয়ে যেন পাহৰি গৈছে এই মূলমন্ত্ৰ। জনহিত জনসেৱাৰ্থেৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে চাপৰ আৰক্ষীৰ।
/asomiyapratidin/media/post_attachments/777b648d-0df.png)
চাপৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাউতি বসুমতাৰী নেতৃত্বত চাপৰত আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ লৈছে গুণ্ডা টেক্স। পুৱতি নিশা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হোৱা প্ৰতিখন ইটাভৰ্তি বলেৰ' বাহন খেদি খেদি জব্দ কৰে। কিন্তু পাছলৈ ধনৰ বিনিময়ত এৰি দিয়ে এই সমূহ বাহনক।
/asomiyapratidin/media/post_attachments/aa728b76-ecd.png)
ইয়াৰ উপৰি প্ৰতিখন ইটাভৰ্তি বলেৰ' বাহনক এই টেক্স মাহিলী কৰিবলৈ নিৰ্দেশ দিয়ে চাপৰ আৰক্ষীয়ে । এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে চালক সকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-12-54-41.jpeg)
উল্লেখযোগ্য যে বৃহত্তৰ চাপৰ অঞ্চলত কেইবাটাও ইটা উদ্যোগ আছে। যি ইটা নামনি অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰি হয়। বিশেষকৈ বলেৰ' বাহস্বতাধিকাৰী তথা চালক সকলে ইটা উদ্যোগৰ পৰা ইটা ক্ৰয় কৰি বিভিন্ন ঠাইত বিক্ৰি কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে বাহনৰ কিস্তী পৰিশোধ কৰি আহিছে। তেনে অৱস্থাত সেই বাহন সমূহক চাপৰ আৰক্ষীয়ে এনেদৰে হাৰাশাস্তি কৰাক লৈ ক্ষোভ চালক সকলৰ। চালক সকলক চাপৰ আৰক্ষীয়ে হাৰাশস্তি বন্ধ কৰিবৈ ধুবুৰী জিলা আৰক্ষী অধীক্ষকক আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us