আজি পহিলা জানুৱাৰী, জনতাৰ দিন

জননেতা গৰাকীৰ মানসকন্যা ৰত্নপীঠ মহাবিদ্যালয়ৰ লগতে AMBITIOUS SOCIAL FOUNDATION নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে জনতাৰ দিন। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ মূল্যবোধৰ ৰাজনীতিৰ শিৰোনাম দখল কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ আজি জন্ম দিন। ২০০১ চনত চৰকাৰে তেওঁৰ জন্মতিথিক "জনতাৰ দিন" হিচাপে ঘোষণা কৰিছিল ৷ ১৯৭২ চনৰ পৰা ১৯৭৮লৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জননেতা শৰৎ চন্দ্ৰ সিংহই ৷

আজি জননেতা গৰাকীৰ ওপজা দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চাপৰতো অনুষ্ঠিত হয় জনতাৰ দিন। জননেতা গৰাকীৰ মানসকন্যা ৰত্নপীঠ মহাবিদ্যালয়ৰ লগতে AMBITIOUS SOCIAL FOUNDATION নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে জনতাৰ দিন। 

পুৱাৰ ভাগত জননেতা গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত জননেতা গৰাকীক প্ৰত্যেক ভাবে লগ পোৱা ব্যাক্তি সকলে বহু কথা নৱপ্ৰজন্মক অৱগত কৰে। আনহাতে AMBITIOUS SOCIAL FOUNDATION নামৰ সংগঠনটোৱে জননেতা গৰাকীৰ স্মৃতিত ভলিবল,কাবাডী,কুইজ, চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতাৰ লগতে নিশা শৰৎ সাংস্কৃতিক নিশা নামাকৰণৰে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিব বুলি জানিবলৈ দিয়ে। 

চাপৰ