New Update
/asomiyapratidin/media/media_files/2026/02/20/157-2026-02-20-08-13-24.jpg)
- নিশা চাপৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ ।
- ব্ৰাউন চুগাৰসহ আটক এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।
- এক গোপন সুত্ৰৰ পোম খেদি চাপৰ আৰক্ষীয়ে চলাই এই অভিযান।
- অভিযানত দুটাকৈ চাবোনৰ বাকচত ড্ৰাগছ সৰবৰাহৰ সময়ত হাতে লোটে জব্দ কৰে ড্ৰাগছসহ কুখ্যাত সৰবৰাহকাৰীজনক।
- জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক হ'ব বুলি জানিব পৰা গৈছে।
- আটক ড্ৰাগছ ব্যৱসায়ীজন জিয়াউৰ ৰহমান বুলি জানিব পৰা গৈছে।
- চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত চাপৰৰ বহলপুৰত চলিছিল এই অভিযান।
- পিছলৈ আটকাধীন জিয়াউৰ ৰহমানক লৈ টোটপাৰাস্থিত বাসগৃহত আৰক্ষীয়ে চলাই অভিযান।
- আটকাধীন ড্ৰাগছ ব্যৱসায়ীজন বৰপেটাৰ পৰা নিষিদ্ধ ড্ৰাগছখিনি কঢ়িয়াই আনিছিল।
- বিগত এবছৰ ধৰি এই ব্যৱসায় কৰি আছে বুলি স্বীকাৰোক্তি দিয়ে ৰহমানে।
- পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ গোচৰত জিয়াউৰ ৬ বছৰতকৈ অধিক কাল জে'ল হাজোতত আছিল।
- ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us